পত্নী সুখীক পিঠিত তুলি পূজা মণ্ডপে মণ্ডপে ঘূৰিছে বিনোদ... 
ৰাষ্ট্ৰীয়

পত্নী সুখীক পিঠিত তুলি পূজা মণ্ডপে মণ্ডপে ঘূৰিছে বিনোদ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰকৃত প্ৰেমৰ উদাহৰণ কি বুলি প্ৰশ্ন কৰিলে হয়তো বহুতেই বহু বহুতৰ কথা ক’ব। কিন্তু সকলো উদাহৰণৰ শীৰ্ষত থাকিব দেৱাদিদেৱ মহাদেৱ আৰু তেওঁৰ পত্নী পাৰ্বতীৰ প্ৰেমৰ কথা। তেওঁলোকৰ প্ৰেম, বৈবাহিক জীৱনেই প্ৰকৃত প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। তেওঁলোকৰ এই সম্পৰ্কত আছিল ভালপোৱা, শ্ৰদ্ধা আৰু উৎসর্গাৰ মনোভাৱ।

দেৱী দুৰ্গাও পাৰ্বতীৰে এটা ৰূপ। ত্ৰিদেৱে মিলি সৃষ্টি কৰা শক্তিৰ দেৱী দুৰ্গাৰ আৰধনা চলি আছে। দেৱীক দৰ্শন কৰিবলৈ মানৱ জাতিয়ে মণ্ডপে মণ্ডপে ভিৰ কৰিছে। পুৱাই শাৰী পাতিছে দেৱী দুৰ্গাৰ সন্মুখত এগচি বন্তি জ্বলাই দুৰ্গতি নাশিনীৰ আশীৰ্বাদ ল’বলৈ।

কিন্তু তাৰ মাজতো একাংশই শাৰীৰিক বাধাৰ বাবে দেৱী দৰ্শনৰ পৰা বঞ্চিত হৈছে। তেওঁলোকে ল’ব পৰা নাই শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ। পিছে তাৰ মাজতেই এক বিশেষ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে।

এই দৃশ্য প্ৰত্যক্ষ কৰি বহুতেই ক’বলৈ আৰম্ভ কৰিছে কলি যুগৰ এওঁলোক শিৱ-পাৰ্বতী। তেওঁলোকৰ প্ৰেম শিৱ-পাৰ্বতীৰ প্ৰেমতকৈ কোনোগুণে কম নহয়। খোজ কাঢ়িব নোৱাৰা পত্নীক এসাজ নতুনক পোচাক পিন্ধাই পিঠিত তুলি পূজা মণ্ডপে মণ্ডপে ভ্ৰমণ কৰিছে এজন ব্যক্তিয়ে।

শাৰীৰিক বাধাৰ বাবে যাতে পত্নীয়ে দেৱী দুৰ্গাক দৰ্শন কৰিব নোৱাৰাকৈ নাথাকে তাৰ বাবে এই ত্যাগ স্বামীৰ। কেইবছৰমানৰ পূৰ্বে টাইফয়ড ৰোগত আক্ৰান্ত হৈছিল সুখী সৰকাৰ। তাৰ পাছৰ পৰাই তেওঁ খোজ কঢ়াৰ সকলো ক্ষমতা হেৰুৱাইছে। কিন্তু তেওঁৰ ই ৰিক্সা চালক স্বামীয়ে সুখীক দুখী হ’বলৈ দিয়া নাই।

বিনোদ সৰকাৰ নামৰ ব্যক্তিজনে ১১ বছৰ পূৰ্বে প্ৰেম বিবাহ কৰিছিল সুখীৰ সৈতে। সেই সময়ত সুখী আছিল এগৰাকী সুন্দৰী যুৱতী। কিন্তু সময়ৰ পৰিহাসত এতিয়া সুখী এগৰাকী শাৰীৰিক বাধাগ্ৰস্ত মহিলা।

পিছে বিনোদে সুখীৰ সেই শাৰীৰিক বাধাগ্ৰস্ততাক লৈ দুখী হ’বলৈ দিয়া নাই। সকলো উৎসৱ, পাৰ্বনৰ মাদকতা লাভ কৰাৰ সুযোগ দিছে তেওঁ। শাৰদীয় দুৰ্গা পূজাও ব্যতিক্ৰম নহয়। খোজ কাঢ়িব নোৱাৰা প্ৰিয় পত্নীক সজাই পৰাই পিঠিত তুলি লৈ পূজামণ্ডপলৈ লৈ গৈছে তেওঁ।

নৱমীৰ সন্ধিয়া এইদৰে দুয়োকে পূজা মণ্ডপত দেখি মানুহবোৰে ৰৈ ৰৈ চাইছে। কোনোৱে তেওঁলোকক ফটো তুলিছে আন কোনোৱে আকৌ ভিডিঅ’ কৰিছে। পিঠিত পত্নীক লৈ যেতিয়া বিনোদে ভিৰ ফালি আগুৱাইছে মানুহবোৰে তেওঁলোকক দেখি ৰৈ দিছে।

স্বামী বিনোদৰ পিঠিত উঠিয়েই দেৱী দৰ্শন কৰি আনন্দত আত্মাহাৰা হৈ পৰিছে সুখী। সেয়ে বহুতেই তেওঁলোকক শিৱ-পাৰ্বতীৰ সৈতেই তুলনা কৰিছে। মহাদেৱেও কৈছিল প্ৰেম মানে উৎসৰ্গা। বিনোদে তেওঁৰ কষ্টখিনিক উৎসৰ্গা কৰিছে সুখীক সুখী কৰিবলৈ।

পশ্চিমবংগৰ আলিপুৰদুৱাৰত নৱমীৰ সন্ধিয়া প্ৰত্যক্ষ কৰা বিনোদ আৰু সুখী এতিয়া সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈছে। তেওঁলোকক সকলোৱে পূজাৰ শুভেচ্ছা দিছে।

বিনোদৰ দৰে স্বামীক পাই সুখী আজি সঁচাকৈয়ে সুখী। তেওঁলোকৰ আছে দুটাকৈ সন্তান। এটাৰ বয়স ৮ বছৰ আনটোৰ ৫ বছৰ। বিনোদে পৰিয়ালটোৰ বাবে সকলো কৰিছে।

সুখীয়েও শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি পৰিয়ালটোক আৱৰি ৰাখিবলৈ যত্ন কৰিছে। এনেকৈয়ে তেওঁলোক সুখী হৈছে। মানুহবোৰে কৈছে দেৱী দুৰ্গাই বিনোদক শক্তি দিয়ক। দুয়ো সুখেৰে থাকক। তেওঁলোক আনৰ বাবে উদাহৰণ হওঁক।