উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰামদেৱৰ পতঞ্জলিঃ ভৰিব লাগিব কোটি টকাৰ জৰিমণা ! 
ৰাষ্ট্ৰীয়

উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰামদেৱৰ পতঞ্জলিঃ ভৰিব লাগিব কোটি টকাৰ জৰিমণা !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিপদত ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলি। উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে এই বাণিজ্যিক প্ৰতিষ্ঠানটো। প্ৰতিষ্ঠানটোৱে প্ৰচাৰ কৰিব নোৱাৰিব কোনো বিভ্ৰান্তিকৰ বিজ্ঞাপন।

কোনো কাৰণত যদি ভুৱা তথ্যৰে এই প্ৰতিষ্ঠানটোৱে বিজ্ঞাপন প্ৰস্তুত কৰে তেন্তে তেওঁলোকে জৰিমণা হিচাপে আদায় দিব লাগিব ১ কোটি টকা পৰ্যন্ত। দেশৰ উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে।

উল্লেখ্য যে, ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিৰ বিৰুদ্ধে উত্থাপিত হৈছিল এক গুৰুতৰ অভিযোগ। প্ৰতিষ্ঠানটোৱে আধুনিক ঔষধ তথা চিকিৎসা পদ্ধতিৰ বিৰোধিতা কৰি বিজ্ঞাপন প্ৰচাৰ কৰাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে।

মঙ্গলবাৰে এই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক চোকা ভাষাৰে সমালোচনা কৰি স্পষ্টকৈ জনাই দিয় যে, বিভ্ৰান্তিকৰ বা ভুল তথ্যৰে বিজ্ঞাপন তৈয়াৰ কৰিব নোৱাৰিব। যদি আগন্তক সময়ত তেনে বিজ্ঞাপন প্ৰকাশ কৰে তেন্তে জৰিমণাৰ সন্মুখীন হ’ব লাগিব পতঞ্জলি।

এই জৰিমণাৰ পৰিমাণ ১ কোটি টকা পৰ্যন্ত হ'ব পাৰে। আনহাতে স্বাস্থ্য খণ্ডৰ সন্দৰ্ভত ভুৱা বিজ্ঞাপন বন্ধ কৰাৰ বাবে কেন্দ্ৰৰ প্ৰস্তাৱ কি সেই বিষয়েও জানিব বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, ৰামদেৱৰ বিৰুদ্ধে একাধিক গোচৰ উলমি আছে উচ্চতম ন্যায়ালয়ত। কোভিড মহামাৰীৰ সময়ত চিকিৎসালয়ত এলোপেথিক চিকিৎসা প্ৰদানক লৈ বহু নেতিবাচক মন্তব্য কৰিছিল ৰামদেৱে।

চিকিৎসকসকলক তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। তাৰ পাছতেই তেওঁৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত একাধিক এফ আই আৰ দাখিল হৈছিল। এই সকলো অভিযোগৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰামদেৱ।