মেহবুবা মুফটিক গৃহবন্দীঃ কটকটীয়া কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা, নিষিদ্ধ আন্দোলন... 
ৰাষ্ট্ৰীয়

মেহবুবা মুফটিক গৃহবন্দীঃ কটকটীয়া কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা, নিষিদ্ধ আন্দোলন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰ, লাডাখকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ নাগৰিকৰ ধ্যান আজি উচ্চতম ন্যায়ালয়ৰ ওপৰত। তাৰ মাজতে মেহবুবা মুফটিৰ দৰে নেত্ৰীক গৃহবন্দী কৰা হৈছে। বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

উচ্চতম ন্যায়ালয়ে আজি ঘোষণা কৰিব জম্মু কাশ্মীৰৰ পৰা কেন্দ্ৰই বাতিল কৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ ৰ ৰায়। এই ৰায়তেই স্পষ্ট হ'ব জম্মু কাশ্মীৰৰ পৰা বাতিল কৰা অনুচ্ছেদ ৩৭০ পুনৰুদ্ধাৰ কৰিব পৰা যাব নে নাযায়।

এই ৰায়দানৰ পূৰ্বে জম্মু কাশ্মীৰৰ পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ নেত্ৰী মেহবুবা মুফতীয়ে অভিযোগ কৰি কৈছে, তেওঁক গৃহবন্দী কৰি ৰখা হৈছে। তেওঁ জনাইছে ঘৰৰ মূখ্য দুৱাৰ বন্ধ কৰি দিয়া হৈছে।

উল্লেখ্য, ২০১৯ ৰ ৫ আগষ্টত ভাৰত চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিলৰ কৰি বিশেষ মৰ্যাদা কাঢ়ি লৈছিল। সেই সময়তো কাশ্মীৰৰ ৰাজনৈতিক নেতাসকলক দীৰ্ঘ সময়ৰ বাবে গৃহবন্দী কৰি ৰখা হৈছিল।

আজিও কাশ্মীৰ উপত্যকাত নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক কটকটীয়া কৰি তোলা হৈছে। সকলোধৰণৰ আন্দোলন নিষিদ্ধ কৰা হৈছে। চি আৰ পি চি ১৪৪ ৰ অধীনত চাইবাৰ আৰক্ষীয়ে সামাজিক মাধ্যমৰ বাবেও বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰু তীক্ষ্ণ দৃষ্টি ৰাখিছে।

আইন শৃংখলা বজাই ৰাখিব পৰাকৈ সকলো ক্ষেত্ৰতে একোজনৈ বিষয়া নিযুক্তি কৰা হৈছে।