ৰাষ্ট্ৰীয়

পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনঃ আপোনালোকে মানুহৰ জীৱনৰ সৈতে কিয় খেলি আছে?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে বাবা ৰামদেৱ আৰু বালকৃষ্ণৰ দ্বাৰা দাখিল কৰা নতুন ক্ষমা আবেদন। পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত এই ক্ষমা আবেদন দাখিল কৰিছিল বাবা ৰামদেৱ আৰু বালকৃষ্ণই।

ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ এ আমানুল্লাহৰ বিচাৰপীঠে বিষয়টোত কেন্দ্ৰৰ মনোভাৱক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। আদালতে ৰাজ্যিক কৰ্তৃপক্ষক কোম্পানীৰ প্ৰতিষ্ঠাপকসকলৰ সৈতে মিলি থকাৰ বাবে সমালোচনাও কৰে। ন্যায়ালয়ে কয় যে, উত্তৰাখণ্ডৰ বিভাগীয় কৰ্তৃপক্ষই এই বিষয়টোত কেৱল ফাইলবোৰ ইফাল-সিফাল কৰি আছিল। তাাৰ বাহিৰে একো কৰা নাই।

তেওঁ কয় যে, আপোনালোকে জীৱন ৰক্ষা কৰিব লাগে কিন্তু আপোনালোকে মানুহৰ জীৱনৰ সৈতে খেলি আছে। যেতিয়া মানুহৰ ওচৰত এই ঔষধবোৰ আছিল তেওঁলোকক বুৰ্বক বনোৱা হৈছিল। তেতিয়া আপোনালোকে কি কৰি আছিল।

আনহাতে আদালতে পতঞ্জলিক কয় যে, ক্ষমা বিচৰাটো কাগজৰ টুকুৰাটোৰ যোগ্য নহয়। ক্ষমা বিচৰাটো যথেষ্ট নহয়। আদালতৰ আদেশ উলংঘা কৰাৰ বাবে আপুনি পৰিণামৰ সন্মুখীন হ'ব লাগিব। এজন মানুহে দয়া বিচাৰে কিন্তু ড্ৰাগছ গ্ৰহণ কৰা অগণন নিৰীহ লোকৰকি হ'ব ?

উল্লেখ্য যে, পতঞ্জলি আয়ুৰ্বেদ সামগ্ৰীৰ বিজ্ঞাপন আৰু সেইবোৰৰ চিকিৎসীয় প্ৰভাৱৰ সৈতে সম্পৰ্কিত বিজ্ঞাপন সন্দৰ্ভত আদালতত শুনানি হৈ আছে। ন্যায়াধীশ হিমা কোহলী আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে কোম্পানীটোৰ ওপৰত আপত্তি দৰ্শায়।

সৰ্বোচ্চ ন্যায়ালয়ত ইণ্ডিয়ান মেডিকেল এছোচিয়েশ্যনে এক আবেদন দাখিল কৰিছিল। যতি ৰামদেৱৰ ওপৰত কোভিড টিকাকৰণ বিৰোধী অভিযান আৰু আধুনিক ঔষধৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ অভিযুক্ত কৰিছিল।