ৰাষ্ট্ৰীয়

উচ্চতম ন্যায়ালয়ে ক'লে ব্য়াসজীৰ তহখনাত পূজা হ'ব নে নহয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জ্ঞানবাপী পৰিসৰস্থিত ব্যাসজীৰ তহখানাত চলি থকা পূজাৰ বিৰুদ্ধে মুছলিম পক্ষই দাখিল কৰা আবেদনৰ সোমবাৰে শুনানি হয় উচ্চতম ন্যায়ালয়ত। শুনানি প্ৰদান কৰি ন্যায়ালয়ে কয় যে, ব্যাসজীৰ তহখানাত পূজা হৈ থাকিব। উচ্চতম ন্যায়ালয়ে এই পূজা বাধা প্ৰদান কৰাত অস্বীকাৰ কৰে।

মুছলিম পক্ষই জাৰি কৰা আবেদনৰ লগতে হিন্দু পক্ষৰ এক আবেদনো আছিল। লগতে  উচ্চতম ন্যায়ালয়ে কয় যে আমাৰ হস্তক্ষেপ অবিহনে যাতে এই  স্থিতিৰ কোনো পৰিৱৰ্তন নহয়। মুছলিম পক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল আৰু পূজাৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা ৰখাৰ দাবী জনাইছিল।

চলিত বৰ্ষৰ ৩১ জানুৱাৰীত বাৰনাসী জিলা আদালতৰ সিদ্ধান্তৰ পাছত ব্যাসজীৰ তহখানাত পূজা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত মুছলিম পক্ষই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে এই পূজাত নিষেধাজ্ঞা আৰোপ কৰাত অস্বীকাৰ কৰে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰথমে ঠাইখিনিত পূজা হৈ আছে নে নাই বুলি প্ৰশ্ন কৰে। উত্তৰত মুছলিম পক্ষই কয় যে,  ৩১ জানুৱাৰীৰ পৰা পূজা হৈ আছে। লগতে কয়, ইয়াত নিষেধাজ্ঞা জাৰি কৰিব লাগে নহ'লে পাছত কোৱা হ'ব যে বহু দিন আগৰ পৰাই পূজা চলি আছে। পূজা কৰাৰ অনুমতি দিলে সমস্যাৰ সৃষ্টি হ'ব।ন্যায়ালয়ে মুছলিম পক্ষৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে।  

মুখ্য ন্যায়াধীশে কয় যে, স্পষ্টতঃ দুটা তলা আছিল? তলাবোৰ ক'ত আছিল?  আহমদীয়ে কৈছিল যে,   "তেওঁলোকে ৩০ বছৰ ধৰি একো কৰা নাছিল। ৩০ বছৰৰ পিছত অন্তৱৰ্তীকালীন সকাহৰ আধাৰ ক'ত আছে?  উচ্চতম ন্যায়ালয়ে এয়াও সুধিছিল যে দ্বিতীয় তলাটো কোনে খুলিছিল?  আহমেদীয়ে কৈছিল যে তেওঁলোকক আদেশটো কাৰ্যকৰী কৰিবলৈ এসপ্তাহৰ সময় দিয়া হৈছিল। তেওঁলোকে (হিন্দু পক্ষই) লোহাৰ  সামগ্ৰীৰে তলা খুলি প্ৰাৰ্থনা আৰম্ভ কৰিছিল।

ইয়াৰোপৰি আৰু এই বিষয় সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰে তেওঁ। তাৰ পাছতে পূজাৰ ওপৰত বাধা আৰোপ কৰাত অস্বীকাৰ কৰে।