নিৰ্বাচনৰ পূৰ্বে কিয় গ্ৰেপ্তাৰ কৰা হ'ল অৰবিন্দ কেজৰিৱালক? ED য়ে উত্তৰ দিব লাগিব ন্যায়ালয়ক... 
ৰাষ্ট্ৰীয়

নিৰ্বাচনৰ পূৰ্বে কিয় গ্ৰেপ্তাৰ কৰা হ'ল অৰবিন্দ কেজৰিৱালক? ED য়ে উত্তৰ দিব লাগিব ন্যায়ালয়ক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে আম আদমি পাৰ্টিৰ সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰা হ’ল? দেশৰ উচ্চতম ন্যায়ালয়ত এই প্ৰশ্নৰ সন্মুখীন হৈছে ইডি।

মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাৎ ইডিক উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগত মুঠ ৫ টা প্ৰশ্ন কৰিছে। গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ দ্বাৰা গঠিত দুজনীয়া বিচাৰপীঠে ইডিৰ পৰামৰ্শদাতা আৰু দেশৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ পৰা এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিছে।

ইয়াৰ মাজতে দুজনীয়া বিচাৰপীঠে এছ ভি ৰাজুক উদ্দেশ্য কৰি কয়, জীৱন আৰু স্বাধীনতা যে অত্যন্ত গুৰুত্বপূৰ্ণ আপুনি তাক অস্বীকাৰ কৰিব নোৱাৰে। দিল্লীৰ সুৰা নীতি কেলংকাৰী আৰু বেআইনী আৰ্থিক লেনদেনৰ সৈতে কেজৰিৱাল কিদৰে জড়িত হৈ আছে সেই প্ৰশ্নৰো উত্তৰ বিচাৰিছে।

এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব শুকুৰবাৰে। ইয়াৰ মাজতে ইডিয়ে ন্যায়ালয়ক ৫ টা প্ৰশ্নৰ উত্তৰ দিব লাগিব। ইয়াৰ পূৰ্বে সোমবাৰে কেজৰিৱালৰ আৱেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ অধিবক্তাক সুধিছিল যে, আপুনি বিচাৰ আদালতত কিয় আবেদন দাখিল কৰা নাই?

এই সন্দৰ্ভত কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভিয়ে কয় যে, ইয়াৰ বহুতো কাৰণ আছে, যাৰ ভিতৰত এটা হৈছে কেজৰিৱালৰ গ্ৰেপ্তাৰ অবৈধ। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি কয় যে, তেওঁৰ গ্ৰেপ্তাৰ অবৈধ আৰু তেওঁক আটক কৰাটোও অবৈধ। এয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ অংশ।

কেজৰিৱালে তেওঁৰ আবেদনত কৈছিল যে, এয়া এটা ৰাজনৈতিক দলক শেষ কৰাৰ এক প্ৰয়াস। সোমবাৰে শুনানিৰ সময়ত অভিষেক মনু সিংভিয়ে ন্যায়ালয়ক কয় যে, অপৰাধৰ প্ৰমাণ পোৱা গ'লেহে যিকোনো লোকক গ্ৰেপ্তাৰ কৰিব পাৰি, কেৱল সন্দেহৰ ভিত্তিত নহয়।

ইয়াৰ পিছতে ন্যায়ালয়ে প্ৰশ্ন কৰিছিল, কেজৰিৱালক বাৰে বাৰে চমন দিয়া স্বত্বেও সোধা-পোছাৰ বাবে উপস্থিত হোৱা নাছিল কিয়? এনে পৰিস্থিতিত তদন্তকাৰী বিষয়াসকলৰ প্ৰতিকাৰ কি? এই প্ৰশ্নত সিংভিয়ে কৈছিল যে, বিবৃতি লিপিবদ্ধ নকৰাটো গ্ৰেপ্তাৰ কৰাৰ ভিত্তি নহয়। ইডিয়ে যেতিয়া গ্ৰেপ্তাৰৰ বাবে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ আহিব পাৰে, তেন্তে তেওঁ কিয় তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ আহিব নোৱাৰে?