ৰাষ্ট্ৰীয়

নিৰ্বাচনী বণ্ডঃ SBI, নিৰ্বাচন আয়োগৰ তথ্য দাখিলৰ পাচতে আজি উচ্চতম ন্যায়ালয়ত হ'ব শুনানি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ডৰ সৈতে জড়িত এছবিআইৰ আবেদন সন্দৰ্ভত ১১ মাৰ্চত উচ্চতম ন্যায়ালয়ত প্ৰায় ৪০ মিনিট ধৰি শুনানি হৈছিল। ন্যায়ালয়ে ১২ মাৰ্চৰ ভিতৰত এছবিআইক সকলো তথ্য জাৰি কৰিবলৈ আদেশ দিছিল।

এই গোচৰ সন্দৰ্ভত শুকুৰবাৰে ১০.৩০ বজাত উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি হ'ব।এই শুনানিৰ লাইভ সম্প্ৰচাৰ হ'ব। ইতিমধ্যে এছবিআই আৰু নিৰ্বাচন আয়োগে সকলো তথ্য ন্যায়ালয়ত দাখিল কৰিছে।

নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে নিৰ্বাচনী বণ্ডৰ ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) পৰা প্ৰাপ্ত তথ্য ৱেবছাইটত আপলোড কৰিছিল। নিৰ্বাচন আয়োগৰ ৱেবছাইটত ৭৬৩ পৃষ্ঠাৰ দুখন তালিকা আপলোড কৰা হৈছে।

প্ৰথম তালিকাখনত নিৰ্বাচনী বণ্ড ক্ৰয় কৰা সকলৰ বিৱৰণ আছে আৰু দ্বিতীয় তালিকাত ৰাজনৈতিক দলসমূহে প্ৰাপ্ত কৰা বণ্ডৰ বিৱৰণ আছে। অৱশ্যে কোনটো কোম্পানীয়ে কাক টকা দিছিল সেই তথ্য ইয়াত নাই।

নিৰ্বাচন আযোগে জাৰি কৰা তথ্য অনুসৰি শীৰ্ষ ছান্দা দিয়াসকলৰ ভিতৰত আছে গ্ৰাচিম ইণ্ডাষ্ট্ৰিজ, মেঘা ইঞ্জিনিয়াৰিং, পিৰামল এণ্টাৰপ্ৰাইজেছৰ দৰে ডাঙৰ কোম্পানীৰ নাম। তালিকাখনত এপোলো টায়াৰ, লক্ষ্মী মিত্তাল, এডেলৱাইছ, পিভিআৰ, কেভেণ্টাৰ, চুলা ৱাইন, ৱেলস্পুন, চান ফাৰ্মা আদি । টৰেণ্ট পাৱাৰ, ভাৰতী এয়াৰটেল এই তালিকাৰ শীৰ্ষ স্থানত আছে।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে ১৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী বণ্ড বিক্ৰী নিষিদ্ধ কৰিছিল। তাৰপাছতে বণ্ডৰ তথ্য নিৰ্বাচন বণ্ডৰ তথ্য দাখিল কৰিবলৈ এছবিআইক নিৰ্দেশ দিছিল।

আজি হ'বলগীয়া শুনানিত কি সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে সেয়া হ'ব লক্ষণীয়।