ৰাষ্ট্ৰীয়

লোকসভা নিৰ্বাচনত অংশ গ্ৰহণ নকৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল মোডীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি আছে বিজেপিৰে এগৰাকী জ্যেষ্ঠ নেতাই। ছ'চিয়েল মিডিয়া এক্সৰ জৰিয়তে দিলে এই খবৰ। বিহাৰ বিজেপিৰ বিশিষ্ট বিজেপি নেতা তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোডীয়ে এইবাৰ লোকসভা নিৰ্বাচনত অংশ ল'ব নোৱাৰাৰ কথা ঘোষণা কৰে।

সুশীল মোডীয়ে কয়, ''যোৱা ৬ মাহ ধৰি মই কৰ্কট ৰোগৰ সৈতে যুঁজি আছো। এতিয়া জনতাক সকলো কথা কৈ দিয়াৰ সময় আহিছে। লোকসভা নিৰ্বাচনত মই এইবাৰ অংশ ল'ব নোৱাৰিম। প্ৰধানমন্ত্ৰীক সকলো জনাইছো। দেশ, বিহাৰ আৰু দলৰ ওপৰত সদায় কৃতজ্ঞ হৈ থাকিম''।

সুশীল মোডী বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী হোৱাৰ লগতে ৰাজ্যসভাৰ সাংসদ আছিল। তেওঁ ৰাজ্যসভা, বিধানসভা, বিধান পৰিষদকে ধৰি ৪ খন সদনতে সদস্য আছিল। বিহাৰৰ বিত্ত মন্ত্ৰীও আছিল তেওঁ।