ৰাষ্ট্ৰীয়

বিজেপিত যোগদান তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপালৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিজেপিত যোগদান কৰে তামিলিছাই সৌন্দৰৰাজনে। সোমবাৰে পুৱা তেলেংগানা আৰু পুডুচেৰীৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰাৰ পাছতেই আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

বিজেপিত যোগদান কৰাৰ পিছত তেওঁ কয় যে, মই ৰাজনীতিলৈ উভতি অহাটো জুৱা নহয়। মই জনসাধাৰণৰ সেৱা কৰিব বিচাৰো আৰু নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী হোৱাত সহায় কৰিব বিচাৰো। মোৰ উভতি অহাৰ অৰ্থ এইটো নহয় যে তামিলনাডু বিজেপিত প্ৰাৰ্থীৰ অভাৱ আছে।

তেওঁ কয় যে, মই দলৰ শক্তি আৰু বৃদ্ধি কৰিম। মই তামিলনাডুৰ পৰা লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম।মই তেলেংগানা চৰকাৰক দুৰ্বল কৰা নাই। কিন্তু তেলেংগানা চৰকাৰে মোক দুৰ্বল কৰি পেলাইছিল। কিয়নো মোৰ বাবে একো প্ৰটোকল অনুসৰণ কৰা নাছিল।  মই ৰাজনৈতিক ৰাজ্যপাল নাছিলো, ব্যৱহাৰিক ৰাজ্যপাল আছিলো।

৬২ বছৰীয়া তামিলিচাই সৌন্দৰৰাজনে ২০১৯ চনৰ নৱেম্বৰত তদানীন্তন ৰাজ্যখনৰ দ্বিতীয় ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল আৰু ২০২১ চনৰ ফেব্ৰুৱাৰীত পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিছিল।  জানিব পৰা মতে তেওঁ তামিলনাডুক থুথুকুডীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।