ৰাষ্ট্ৰীয়

জাগীৰোডত প্ৰধানমন্ত্ৰীৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ শিলান্যাস

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ জাগীৰোডত ছেমি কণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভাৰ্চুৱেলী এই আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। টাটা গ্ৰুপে নিৰ্মাণ কৰিব এই প্ৰকল্প। এই ছেমি কণ্ডাক্টৰ ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হব। এই প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে জাগীৰোডৰ কাগজকলৰ ভূমি সাজু কৰিছে । এই প্রকল্পৰ উৎপাদন ক্ষমতা হ’ব প্রতিদিনে ৪৮ মিলিয়ন ।

উল্লেখযোগ্য যে জাগীৰোডৰ বিশাল জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৱত উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য কৰে। লগতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, টাটা গ্রুপকো ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ইউনিটটোৰ জৰিয়তে প্ৰায় ৩০ হাজাৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব ।