পুনৰ এজন CRPF ৰ জোৱান ছহিদ হ'ল সন্ত্ৰাসবাদীৰ আক্ৰমণত... represENTETIVE PHOTO
ৰাষ্ট্ৰীয়

পুনৰ এজন CRPF ৰ জোৱান ছহিদ হ'ল সন্ত্ৰাসবাদীৰ আক্ৰমণত...

জম্মু কাশ্মীৰৰ দাদু অঞ্চলত আক্ৰমণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ এজন সুৰক্ষাকৰ্মীয়ে প্ৰাণ হেৰুৱালে জম্মু কাশ্মীৰত। সোমবাৰে জম্মু কাশ্মীৰৰ উধামপুৰত সন্ত্ৰাসবাদীৰ গুলীত ছহিদ হয় চি আৰ পি এফৰ এজন বিষয়া।

জানিব পৰা মতে উধামপুৰৰ এটা পাহাৰীয়া অঞ্চলৰ এটা চেকপোষ্টত হঠাৎ আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ এটা দলে। সেই সময়তে গুলীবিদ্ধ হয় চি আৰ পি এফৰ এজন বিষয়া। তাৰ পাছত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।

এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চল ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। চি আৰ পি এফৰ এক সূত্ৰত প্ৰকাশিত খবৰ মতে উধামপুৰৰ দাদু অঞ্চলৰ আৰক্ষী চকীৰ পৰা ৮ কিলোমিটাৰ নিলগত দুটা পাহাৰৰ মাজত আছিল এই চেকপোষ্ট।

তাতেই সোমবাৰে সন্ত্ৰাসবাদীৰ দলটোৱে আক্ৰমণ কৰে। ইয়াৰ পিছতেই ভাৰতীয় সেনা, চি আৰ পি এফ আৰু স্থানীয় আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে, যোৱা কেইবাটাও মাহত কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে। অতি শেহতীয়াকৈ যোৱা ১৪ আগষ্টত কাশ্মীৰৰ ডোডা জিলাত এজন কেপ্টেইন পৰ্যায়ৰ সেনা বিষয়াৰ মৃত্যু হৈছিল।