জম্মু-কাশ্মীৰত ভয়ংকৰ ঘটনা।
তীৰ্থযাত্ৰীৰ বাছলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ।
জম্মু-কাশমীৰৰ ৰায়ছি শিৱ মন্দিৰ দৰ্শনৰ বাবে গৈছিল তীৰ্থযাত্ৰীক দলটো।
সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত বৰ্তমানলৈকে ১০গৰাকী যাত্ৰীৰ মৃত্যু।
৩৩গৰাকী যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।
সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণৰ পাছতে খাৱৈত বাগৰি পৰে বাছখন।
দেওবাৰে সন্ধিয়া ৬-২০ বজাত সংঘটিত হৈছে।
নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।
উক্ত ঘটনাত তীব্ৰ গৰিহণা দিছে প্ৰধানমন্ত্ৰী, অমিত শ্বাহ আৰু ৰাহুল গান্ধীৰ।
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অৰ্ধ-সামৰিকবাহিনীৰ লোক।
সেনাই চলাই আছে উদ্ধাৰ অভিযান।
শিৱ মন্দিৰৰ পৰা প্ৰায় ৪কিমি দূৰৈত সংঘটিত হৈছে এই ঘটনা।