নৰেন্দ্ৰ মোডী, ইলন মাস্ক 
ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব ইলন মাস্কে, কৰিব পাৰে ডাঙৰ ঘোষণা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলিত মাহত ভাৰতলৈ আহিব বিশ্বৰ আটাইতকৈ ধনী লোক হিচাপে পৰিচিত ইলন মাস্ক। টেছলাৰ মুৰব্বীগৰাকীয়ে এপ্ৰিলত ভাৰত ভ্ৰমণলৈ আহি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব।

সম্ভৱত এই আলোচনাৰ পাছত ইলন মাস্কে ভাৰতত বিনিয়োগ পৰিকল্পনা আৰু ভাৰতত বৈদ্যুতিক গাড়ীৰ প্ৰকল্পৰ বিষয়ে এক ডাঙৰ ঘোষণা কৰিব । অৱশ্যে এই আলোচনাৰ বিষয়ে এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে।

খবৰ অনুসৰি টেছলাৰ দলে গুজৰাট, মহাৰাষ্ট্ৰ আৰু তামিলনাডুকে ধৰি বহুতো ৰাজ্য ভ্ৰমণ কৰিব পাৰে। টেছলাৰ নিৰ্মাণ কাৰখানাত ২ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আৰু বিভিন্ন ঘোষণা কৰিব পাৰে তেওঁ।

উল্লেখ্য যে, ২০১৯ চনত ইলন মাস্কে প্ৰথমবাৰৰ বাবে ভাৰতত ব্যৱসায় কৰাত আগ্ৰহ প্ৰকাশ কৰিছিল। জানিব পৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰত টেছলাৰ আটাইতকৈ সস্তীয়া গাড়ীখন ভাৰতত প্ৰায় ৭০ লাখ টকাত বিক্ৰী হয়। যদিহে টেছলা ভাৰতলৈ আহে তেন্তে ই দেশখনৰ অৰ্থনৈতিক বিকাশত যথেষ্ঠ অৰিহনা যোগাব।