ৰাষ্ট্ৰীয়

৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

Asomiya Pratidin

ডিজিটেেল ডেস্কঃ বুধবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন দ্বিতীয়খন বিজেপি চৰকাৰৰ এইখনেই হ'ব অন্তিমখন বাজেট অধিৱেশন। এই অধিৱেশনৰ দ্বিতীয় দিনটোতে অৰ্থাৎ ১ ফেব্ৰুৱাৰীত ২০২৪-২৫ বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই অধিৱেশন সমাপ্ত হ'ব ৯ ফেব্ৰুৱাৰীত।

এইবাৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বাবেই পূৰ্ণাংগ বাজেট দাখিল কৰা নহয়। সাংবিধানিক ৰীতি অনুসৰিয়েই বিত্তমন্ত্ৰীগৰাকীয়ে লোকসভাত দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট। ৩ মাহৰ বাবে দাখিল কৰা হ’ব ‘ভোট অন একাউণ্ট’ । নতুন বাজেটত মহিলা, কৃষকৰ বাবে কেইবাটাও আঁচনি ঘোষণাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আহ্বান জনাইছে সৰ্বদলীয় বৈঠকৰ। বাজেট অধিৱেশনৰ পূৰ্বেই অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক।