ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে কংগ্ৰেছ নেতৃত্ব... 
ৰাষ্ট্ৰীয়

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে কংগ্ৰেছ নেতৃত্ব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে কংগ্ৰেছ নেতৃত্বই। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁলোকে দীৰ্ঘ পৰ্যালোচনাৰ অন্তত এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সোমবাৰে দলটোৰ নেতৃত্বই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে।

এই বিবৃতিত কোৱা হৈছে, আমাৰ দেশৰ কোটি কোটি মানুহে ৰামক পূজা কৰে। ধৰ্মাচৰণ মানুহৰ ব্যক্তিগত বিষয়। কিন্তু বিজেপি আৰু আৰ এছ এছে দীৰ্ঘ দিন ধৰি আযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণক ৰাজনৈতিক কাৰ্যসূচীলৈ পৰিণত কৰাৰ চেষ্টা চলাই আছে। নিৰ্বাচনী লাভালাভৰ কথা চিন্তা কৰি অযোধ্যাত অৰ্ধ সম্পূৰ্ণ মন্দিৰৰ উদ্বোধন কৰা হৈছে। এয়া ২০১৯ ৰ উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু ভাৰতৰ কোটি কোটি মানুহৰ আৱেগৰ পৰিপন্থী।

ৰাম মন্দিৰ নিৰ্মাণকাৰী শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ তৰফৰ পৰা প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছ সভাপতি তথা ৰাজ্য সভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীক ২২ জানুৱাৰীৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁলোকে এই অনুষ্ঠানলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ এই সিদ্ধান্তক দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে কিদৰে লয় সেয়া হ'ব লক্ষ্যণীয়। কিয়নো ৰাম মন্দিৰক কেন্দ্ৰ কৰি সমগ্ৰ দেশত এক হিন্দুত্ববাদী আৱেগৰ সৃষ্টি কৰাত শাসকীয় বিজেপিয়ে কোনো ত্ৰুতি কৰা নাই।