ৰাষ্ট্ৰীয়

গ্ৰেপ্তাৰ হ'ল হাথৰস কাণ্ডৰ মূল অভিযুক্ত দেৱপ্ৰকাশ মধুকৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰক্ষীয়ে হাথৰসত সংঘটিত শোকাৱহ পদপিষ্টৰ ঘটনাৰ মূল অভিযুক্ত দেৱপ্ৰকাশ মধুকৰক গ্রেপ্তাৰ কৰিছে। দিল্লীৰ নাজাফগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্তজনক। হাথৰাছ আৰক্ষীয়ে দিল্লীৰ নাজাফগড় আৰু উত্তৰ নগৰৰ মাজৰ এখন চিকিৎসালয়ৰ পৰা মধুকৰক গ্ৰেপ্তাৰ কৰে। 

এই ঘটনাত জড়িত ৭জন লোকক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে। এই সকলো কেইজন ব্যক্তিয়ে সৎসংগ আয়োজক কমিটীৰ সদস্য আছিল বুলি জানিব পৰা হৈছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ নাৰায়ণ শংকৰ বিশ্ব হৰি নামেৰে জনাজাত ভোলে বাবাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কেইবালাখ ভক্তই এই অনুষ্ঠানত ভিৰ কৰিছিল। প্ৰশাসনৰ অনুমতিতকৈ ইয়াত বহু গুণ অধিক ভক্তৰ সমাগম হয়।

তাৰ মাজতে ২জুলাইৰ দিনা বিয়লি অনুষ্ঠানটোত অংশগ্ৰহণ কৰা সমবেত ভক্তসকলৰ মাজত হোৱা উশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল। ফলত পদপিষ্ট হৈ ১২১ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত আছিল অতি কমেও ৪০ হাজাৰ লোক। ইমান বৃহৎ সংখ্যক লোক উপস্থিত থকাৰ পাছতো তাত নাছিল কোনো পৰ্যাপ্ত ব্যৱস্থা। নাছিল সুৰক্ষামূলক ব্যৱস্থা। যাৰ পৰিণিতত এই ঘটনা সংঘটিত হৈছিল।