কাইলৈ মোডীৰ শপত গ্ৰহণঃ সোণোৱালৰ উপৰিও অসমৰ কোনে পাব মন্ত্ৰীত্ব? 
ৰাষ্ট্ৰীয়

কাইলৈ মোডীৰ শপত গ্ৰহণঃ সোণোৱালৰ উপৰিও অসমৰ কোনে পাব মন্ত্ৰীত্ব?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে এন ডি এ। ৯ জুন, দেওবাৰে অনুষ্ঠিত হ’ব মোডীৰ তৃতীয় কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব চুবুৰীয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ ৰুইজজি আদি।

ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনত আৰম্ভ হৈছে ব্যাপক প্ৰস্ততি। শপতগ্ৰহণ অনুষ্ঠানত নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ উপৰিও এই অনুষ্ঠানতে তেওঁৰ কেবিনেটৰ আন আন মন্ত্ৰীসকলেও শপতগ্ৰহণ কৰিব। সেয়ে তেওঁৰ মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব তাকে লৈ এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

যিহেতু এইবাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে সেয়ে এন ডিৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ শক্তি হিচাপে পৰিচিত হোৱা চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে এইবাৰ মন্ত্ৰীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। সেইদৰেই অন্যান্য মিত্ৰদলসমূহেও লাভ কৰিব মন্ত্ৰীত্ব।

এন ডি এ চৰকাৰত এজনকৈ সাংসদ অন্তুৰ্ভুক্ত হোৱা অসমৰ দুই আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ আৰু ইউ পি পি এলে অৱশ্যে মন্ত্ৰীত্ব লাভ কৰিব নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই। তাৰ বিপৰীতে মোডী মন্ত্ৰীসভাত অসমৰ দুই সাংসদে মন্ত্ৰীত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈ আছে।

বিগত চৰকাৰত মোডী মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ স্থান দখল কৰা আয়ুষ, বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰো নতুন মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ স্থান লাভ কৰাটো নিশ্চিত। উল্লেখ্য যে, অসমৰ আন এগৰাকী সাংসদ ৰামেশ্বৰ তেলীয়ে সদ্য সমাপ্ত মোডীৰ মন্ত্ৰীসভাত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ লগতে শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল।

যিহেতু তেওঁ এইবাৰ টিকট লাভ নকৰিলে গতিকে তেওঁৰ স্থানত অসমৰ আন এগৰাকী সাংসদে মন্ত্ৰীত্ব লাভ কৰাৰ সম্ভাৱনা আছে। এই দৌৰত আছে বিজেপিৰ ৩ গৰাকীকৈ সাংসদ। তেওঁলোক ক্ৰমে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া আৰু অসম চৰকাৰৰ পৰিবহন বিভাগৰ মন্ত্ৰীৰ তথা শিলচৰৰ নৱ নিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য।

ইয়াৰে কামাখ্যা প্ৰসাদ তাছাই চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁ বিজেপিক অসমত শক্তিশালী কৰাৰ ক্ষেত্ৰত সাংগঠনিক কাম কাজতো জড়িত আছিল। এগৰাকী পুৰণি বিজেপি কাৰ্যকৰ্তা তাছা ২০১৯ ত ৰাজ্যসভালৈ নৰ্বাচিত হৈ গৈছে।

তেওঁৰ দৰে দিলীপ শইকীয়োও বিজেপিৰ এগৰাকী পুৰণি কৰ্মী। দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা শইকীয়াই দলটোৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব পালন কৰাৰ উপৰিও এ বি ভি পি অসম প্ৰদেশৰ সাংগঠনিক সম্পাদকো আছিল।

ইফালে অসম বিজেপিৰ জ্যেষ্ঠ নেতা তথা পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ২০১৬ চনৰ পৰাই অসম চৰকাৰৰ বিভিন্ন বিভাগত মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিছে। গতিকে এই তিনিওজনৰ মাজৰ পৰাই যে যিকোনো এজনে মন্ত্ৰীত্ব লাভ কৰিব সেয়া প্ৰায় নিশ্চিত। দিল্লীস্থিত এক সূত্ৰ অনুসৰি এই দৌৰত বহুখিনি আগবাঢ়ি আছে কামাখ্যা প্ৰসাদ তাছা।