আজি বিৰোধী বিহীন ৰাজ্যসভাত গৃহীত হ'ব ভাৰতীয় ন্যায় ব্যৱস্থাৰে জড়িত তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক... 
ৰাষ্ট্ৰীয়

আজি বিৰোধী বিহীন ৰাজ্যসভাত গৃহীত হ'ব ভাৰতীয় ন্যায় ব্যৱস্থাৰে জড়িত তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিৰোধীবিহীন লোকসভাত তিনিখনকৈ গুৰুত্বপূৰ্ণ বিল পাছ কৰাৰ পাছত আজি ৰাজ্যসভাত সেই তিনিওখন বিল আলোচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ'ব। সংসদৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিৰোধী কংগ্ৰেছকে ধৰি ইণ্ডিয়া গোটৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ বিবৃতি দাবীৰে লোকসভা আৰু ৰাজ্যসভা উত্তাল কৰাৰ বাবে ১৪৩ গৰাকীকৈ সাংসদক নিলম্বন কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষয়।

এই পৰ্যন্ত লোকসভাৰ পৰা ৯৭ গৰাকী আৰু ৰাজ্যসভাৰ পৰা ৪৬ গৰাকী সাংসদক নিলম্বন কৰা হৈছে। লোকসভাৰ পৰা বিৰোধীৰ ৯৭ গৰাকীকৈ সাংসদক নিলম্বন কৰাৰ পাছত বুধবাৰে উত্থাপন কৰা হৈছিল অতি গুৰুত্বপূৰ্ণ ৩ খন বিল ক্ৰমে ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা বিধেয়ক, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা বিধেয়ক আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) বিধেয়ক।

প্ৰায় বিৰোধীবিহীন লোকসভাত এই তিনিওখন বিল উত্থাপন কৰি ইচ্ছানুসৰিয়েই পাছ কৰিলে শাসকীয় পক্ষই। আজি সেই তিনিখন বিল ৰাজ্যসভাত উত্থাপন কৰা হ'ব। ৰাজ্যসভাতো এই তিনিওখন বিল অনায়াসে পাছ কৰাই নিব পাৰিব শাসকীয় পক্ষই। কিনয়ো ৰাজ্যসভাতো এতিয়া বিৰোধী শক্তিহীন। বিলৰ বিৰোধিতাৰে মাত মাতিবলৈও শক্তিহীন বিৰোধী।

উল্লেখ্য, বুধবাৰে লোকসভাত ধ্বনি ভোটৰ দ্বাৰা গৃহীত হোৱা ঔপনিৱেশিক যুগৰ অপৰাধ আইনৰ সলনি বিধেয়ক কেইখন বৃহস্পতিবাৰে আলোচনা আৰু গৃহীত হোৱাৰ বাবে ৰাজ্যসভাত উত্থাপন কৰা হ'ব । গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা বিধেয়ক, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা বিধেয়ক আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) বিধেয়কক সংবিধানৰ আত্মাৰ সৈতে তুলনা কৰিছে।

এই তিনিওখন বিধেয়কৰ সন্দৰ্ভত অমিত শ্বাহে লোকসভাত দিয়া ভাষণত কয়, এই তিনিখন বিধেয়কে ১৮৬০ চনৰ ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি (আই পি চি), ১৯৭৩ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া বিধি (চি আৰ পি চি) আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইনৰ স্থান ল'ব।

এই সন্দৰ্ভত শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ সাংসদ সঞ্জয় ৰাউটে কয়, "বিৰোধীৰ অনুপস্থিতিত (সংসদত) যিধৰণে বিধেয়ক গৃহীত কৰা হৈছে। ইয়াৰোপৰি তেওঁ কয়, আমাৰ দেশত এতিয়া কোনো গণতন্ত্ৰ নাই।