ৰাষ্ট্ৰীয়

ন্যায়ালয় পালেগৈ তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্ক...

Asomiya Pratidin

ডিজিটেল ডেস্ক : তিৰুপতি মন্দিৰৰ প্ৰসাদ গৰু-গাহৰিৰ চৰ্বিৰ পৰা প্ৰস্তুত কৰা যি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল সেই অভিযোগ এতিয়া গৈ পাইছে গৈ ন্যায়ালয়ৰ মজিয়া। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে গুজৰাটৰ এন ডি বি বি নামৰ পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ আধাৰত এই অভিযোগ উত্থাপন কৰি ইয়াৰ বাবে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰক জগৰীয়া কৰিছিল।

ৱাই এছ আৰ চি পিয়ে এই সন্দৰ্ভত ন্যায়ালয়ত এক আবেদন দাখিল কৰি ইয়াক ৰাজনৈতিক অভিসন্ধি আখ্যা দি উত্থাপিত অভিযোগৰ সত্যতা নিৰূপণৰ বাবে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ জৰিয়তে তদন্ত কমিটী গঠনৰো আবেদন জনাইছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও ইয়াক এক গুৰুত্বপূৰ্ণ বিষয় আখ্যা দি গুজৰাটৰ পৰীক্ষাগাৰৰ তথ্যৰ ভিত্তিতে তিৰুপতি মন্দিৰৰ প্ৰসাদ নকল ঘিউৰে প্ৰস্তুত কৰাৰ কথা সদৰী কৰিছিল।

ইতিমধ্যে এই বিষয়টো ৰাজহুৱা হোৱাত হিন্দুত্ববাদী কেইবাটাও সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰো দাবী তুলিছে।