তীৰ্থলৈ গৈ ৭ শিশুসহ প্ৰাণ হেৰুৱালে ২২ জনে... 
ৰাষ্ট্ৰীয়

তীৰ্থলৈ গৈ ৭ শিশুসহ প্ৰাণ হেৰুৱালে ২২ জনে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তীৰ্থলৈ গৈ প্ৰাণ হেৰুৱালে ২২ জনে। নিহত ২২ জনৰ ভিতৰত আছে ৭ টাকৈ শিশু। এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কাচগঞ্জ এলেকাত। এখন ট্ৰেক্টৰ পুখুৰীত বাগৰি পৰাৰ ফলতে সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে এখন ট্ৰেক্টৰৰ ট্ৰলীত এটা তীৰ্থ যাত্ৰীৰ দল কাদাৰগঞ্জলৈ গৈ আছিল। তাৰ মাজতে ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা গভীৰ পুখুৰীত বাগৰি পৰে। ফলত ট্ৰেক্টৰখনত থকা ২২ জনকৈ যাত্ৰীৰ মৃত্যু হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি এইসকলৰ ভিতৰত আছে ৭ টাকৈ শিশুও।

স্থানীয় লোকৰ ভাষ্য অনুসৰি ট্ৰেক্টৰখনত আছিল ৩০ জনকৈ লোক। ইয়াৰে ৫ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে। তেওঁলোকক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্ৰাথমিক চিকিৎসাৰ অন্তত ইয়াৰে দুজনক ঘৰলৈ যাবলৈ দিয়া হৈছে।

এই ঘটনাত শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথছে। তেওঁ মৃতকৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে আহতলৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।