ৰাষ্ট্ৰীয়

অমৃতসৰত নিয়াৰ অভিযান : গ্ৰেপ্তাৰ দুই ভাতৃ

Asomiya Pratidin

ডিজিটেল ডেস্ক : পাঞ্জাৱৰ অমৃতসৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা( নিয়া)ৰ অভিযান। এই অভিযানত নাৰ্কো-সন্ত্ৰাসবাদীৰ গোচৰত মঙলবাৰে নিয়াই অমৃতসৰৰ দুই ভাতৃক গ্ৰেপ্তাৰ কৰে।

নিয়াৰ এগৰাকী উচ্চ পদস্থ বিষয়াই এই সন্দৰ্ভত উল্লেখ কৰে যে, পাকিস্তানৰ পৃষ্ঠপোষকতাত উক্ত দুই ভাতৃ নাৰ্কো-সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, নিয়াৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুই ভাতৃৰ নাম বিক্ৰমজিৎ সিং ওৰফে বিকি আৰু মনিন্দৰ সিং ওৰফে মণি।

ভাতৃদ্বয়ে বিভিন্ন বে-আইনী কাৰ্যকলাপৰ লগত জড়িত থকাৰ উপৰিও সন্ত্ৰাসবাদী সংগঠনৰেয়ো দুয়োৰে আছে সু-সম্পৰ্ক। উক্ত ভাতৃদ্বয়ক ইয়াৰ পূৰ্বেও নিয়াই গ্ৰেপ্তাৰ কৰিছিল বুলি ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এগৰাকী বিষয়াই উল্লেখ কৰে।