কাৰাগাৰত কয়দীৰ দুই ফৈদৰ প্ৰাণঘাতী সংঘাত... 
ৰাষ্ট্ৰীয়

কাৰাগাৰত কয়দীৰ দুই ফৈদৰ প্ৰাণঘাতী সংঘাত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সন্ধিয়া পঞ্জাৱৰ চাংৰুৰ কাৰাগাৰত দুই ফৈদৰ মাজত হোৱা সংঘাতত ২ জনকৈ কাৰাবন্দীৰ মৃত্যু হৈছে। আনহাতে এই সংঘাতত আহত হৈছে আন দুজন কয়দী।

কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে শুকুৰবাৰে সন্ধিয়া ৭ বজাত গণনা চলি থকাৰ মাজতে ৬ নং ৱাৰ্ডৰ ১০ জন কয়দীয়ে ৭ নং ৱাৰ্ডলৈ যায় আৰু সেই ৱাৰ্ডত থকা চাৰিজন কয়দীক আক্ৰমণ কৰে।

এই আক্ৰমণতে দুজনৰ মৃত্যু আৰু দুজন আহত হয়। কাৰাগাৰ কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে আহতসকলক চাংৰুৰৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনা সংঘটিত হোৱাৰ লগে লগেই কাৰাগাৰা কৰ্তৃপক্ষ সেই স্থানত গৈ উপস্থিত হয় আৰু কাৰাগাৰৰ এলাৰ্ম বজায়। ফলত এই আক্ৰমণ অধিক ৰক্তক্ষয়ী হোৱাৰ পৰা ৰক্ষে পৰে।

কাৰাগাৰৰ ডিআইজি সুৰিন্দৰ সিং চাইনীয়ে কয়, কাৰাগাৰাত হোৱা এই সংঘাতত ৪ জন কয়দী আহত হৈছিল। তেওঁলোকক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই দুজন কয়দীৰ মৃত্যু হয়।