প্ৰতিকী ফটো 
ৰাষ্ট্ৰীয়

যাত্ৰীবাহী ৰে'লৰ ভিতৰত দুই মহিলাৰ চৰ-ভুকু,চুলিয়াচুলি

Asomiya Pratidin

ডিজিটেল ডেস্ক : যাত্ৰীবাহী ৰে'লৰ ভিতৰত কাজিয়াত লিপ্ত দুই মহিলা যাত্ৰী। বুধবাৰে কলিকতাৰ এখন স্থানীয় যাত্ৰীবাহী ৰে'লেৰে যাত্ৰা কৰি থকা দুগৰাকী মহিলাই কাজিয়াত লিপ্ত হয়।

দুয়োগৰাকী স্থানীয় মহিলাই পৰস্পৰে-পৰস্পৰক চৰ-ভুকু,চুলিয়াচুলি আদি কাৰ্যত লিপ্ত হয়। উক্ত দুই মহিলাৰ এনে কাণ্ডৰ সমগ্ৰ দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত বিয়পি পৰিছে।

জানিব পৰা মতে, এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা আন যাত্ৰীৰ একাংশই মীমাংসা কৰাৰ চেষ্টা কৰে যদিও;আন একাংশই সমগ্ৰ দৃশ্য নিজৰ নিজৰ ম'বাইলৰ কেমেৰাত বন্দী কৰে। উক্ত কাণ্ডৰ ফলত দুয়োগৰাকী মহিলা শাৰীৰিকভাৱে সামান্য আঘাতপ্ৰাপ্ত হয়। অৱশ্যে কাজিয়াৰ কাৰণ সন্দৰ্ভত বৰ্তমানেও জানিব পৰা হোৱা নাই।