ৰাষ্ট্ৰীয়

সনাতন ধৰ্মক মেলেৰিয়া, ডেংগুৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ পুত্ৰৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক মন্তব্যই এখন সমাজত অশান্তিৰ সৃষ্টি কৰাৰ কাম কৰে। প্ৰায় ভাগ নেতাই ৰাজনীতিত সাম্প্ৰদায়িত মন্তব্য কৰা দেখা যায় যিয়ে সমাজত বিৰূপ প্ৰভাৱ পেলায়।

এইবাৰ সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই। তামিলনাডুৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ উধায়ানিধি ষ্টেলিনে সনাতন ধৰ্ম সন্দৰ্ভত দিয়া এক মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

এক সমাৱেশত ভাষণ প্ৰদান কৰি উধায়ানিধিয়ে সনাতন ধৰ্মক মেলেৰিয়া আৰু ডেংগুৰ সৈতে তুলনা কৰে আৰু ইয়াৰ সম্পূৰ্ণ নিৰ্মূলৰ বাবে আহ্বান জনায়।

শনিবাৰে (২আগষ্ট) চেন্নাইত তামিলনাডু প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এছ'চিয়েচন এক সন্মিলন অনুষ্ঠিত কৰিছিল। সেই সন্মিলনতে ভাষণ দি তেওঁ কয় যে, ''সনাতন ধৰ্ম নিৰ্মূল কৰাৰ বাবে আয়োজন কৰা এই সন্মিলনত মোক ভাষণ দিব দিয়াৰ বাবে ধন্যবাদ। মই আয়োজকসকলক 'সনাতন ধৰ্মৰ বিৰোধিতা' কৰাৰ পৰিৱৰ্তে সন্মিলনখনক 'সনাতন ধৰ্ম নিৰ্মূল' বুলি অভিহিত কৰাৰ আহ্বান জনাও''।

তেওঁ কয় যে, ''কিছুমান বস্তু আছে যাক বিৰোধ নহয়, শেষ কৰা প্ৰয়োজন। ডেংগু, কোৰোনা, মেলেৰিয়া আদি এনে বেমাৰ যাক বিৰোধ নহয়, শেষ কৰি পেলোৱা প্ৰয়োজন। সনাতন ধৰ্মও একেই। সনাতনৰ বিৰোধ নহয় নিৰ্মূল কৰিব লাগে''।

এইগৰাকী মন্ত্ৰীৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে বিজেপি। বিজেপিৰ অমিত মালৱীয়ই কয় যে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ আৰু ডিএমকে চৰকাৰৰ এজন মন্ত্ৰীয়ে সনাতন ধৰ্মত বিশ্বাস কৰা লোকসকলৰ গণহত্যাৰ বাবে আবেদন জনাইছিল।

বিজেপিয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি উধায়ানিধিয়ে কয় যে, মই সনাতন ধৰ্ম পালন কৰা লোকসকলৰ বিষয়ে কোৱা নাই। সনাতন এনে এক ধৰ্ম যিয়ে মানুহক ভাগ বতৰা কৰে। সনাতনক উভালি পেলোৱাতো মানৱতাৰ ভালৰ বাবে । সনাতন ধৰ্মই সমাজত বহু বেয়া প্ৰভাৱ পেলাই বুলি তেওঁ কয়।

এই মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতেই এতিয়া দেশৰ ৰাজনীতিত কঁপনিৰ সৃষ্টি হৈছে।