ৰাষ্ট্ৰীয়

মণিপুৰৰ বিদ্ৰোহী সংগঠন UNLF আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজানঃ মণিপুৰৰ পাঁচ দশকজোৰা মেইটেই বিদ্ৰোহী সমস্যাৰ অন্ত । বুধবাৰে মণিপুৰৰ মেইটেই বিদ্ৰোহী সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (UNLF) আৰু ভাৰত চৰকাৰৰ মাজত নতুন দিল্লীত শান্তি চুক্তিত স্বাক্ষৰিত হয়। নতুন দিল্লীত এই শান্তি চুক্তিত স্বাক্ষৰ কৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু মণিপুৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ লগতে ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ প্ৰতিনিধিয়ে।

ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সৈতে হোৱা এই ঐতিহাসিক চুক্তিৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এয়া ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। এক টুইট যোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয়-- উত্তৰ-পূবত স্থায়ী শান্তি স্থাপনৰ বাবে মোডী চৰকাৰৰ প্ৰচেষ্টাৰ এক নতুন অধ্যায় সংযোজন কৰিছে । কাৰণ ভাৰত চৰকাৰৰ সৈতে ইউএনএলএফে শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। মণিপুৰৰ আটাইতকৈ পুৰণি সশস্ত্ৰ বিদ্ৰোহী সংগঠন ইউএনএলএফে হিংসা ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে । মই তেওঁলোকক গণতান্ত্ৰিক প্ৰক্ৰিয়ালৈ আদৰণি জনাইছো আৰু শান্তি আৰু প্ৰগতিৰ পথলৈ শুভকামনা জনাইছো।

উল্লেখযোগ্য যে ১৯৬৪ চনত গঠন হোৱা ইম্ফল ভিত্তিত মেইটেই বিদ্ৰোহী গোট ইউএনএলএফ ভাৰতীয় ভূখণ্ডৰ ভিতৰত সশস্ত্ৰ বিদ্ৰোহৰ কাৰ্য কলাপ চলাই আহিছে। আজিৰ এই শান্তি চুক্তিয়ে উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ মণিপুৰত শান্তিৰ নতুন যুগৰ সূচনা কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে নৰেন্দ্ৰ মোডীৰ সৰ্বাংগীন উন্নয়নৰ দৃষ্টিভংগী বাস্তৱায়িত কৰি উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলক এক উন্নত ভৱিষ্যত প্ৰদানৰ ক্ষেত্ৰত এয়া এক লক্ষণীয় কৃতিত্ব।

গৃহমন্ত্ৰীয়ে গৰাকীয়ে আৰু কয় যে উন্নয়নক প্ৰসাৰিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত ভাৰত চৰকাৰে ২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চল অঞ্চলৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে উগ্ৰপন্থীতাৰ অন্ত পেলাবলৈ চুক্তি স্বাক্ষৰ কৰিছে । ভাৰত চৰকাৰৰ সংঘাত নিৰাময়ৰ পদক্ষেপৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনৰ সৈতে ৰাজনৈতিক নিষ্পত্তি চূড়ান্ত কৰা হৈছে।

প্ৰথমবাৰৰ বাবে মণিপুৰী সশস্ত্ৰ সংগঠনে হিংসাক ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ সন্মত হৈছে । এই চুক্তিয়ে ইউএনএলএফ আৰু নিৰাপত্তা বাহিনীৰ মাজত বিগত ডেৰ শতিকাতকৈও অধিক সময় ধৰি প্ৰাণ কাঢ়ি লোৱা শত্ৰুতাৰ অন্ত পেলোৱাই নহয়, মেইটেই জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যা সমাধানৰ সুযোগো প্ৰদান কৰিব।

আশা কৰা হৈছে যে ইউএনএলএফৰ মূলসুঁতিলৈ ঘূৰি অহাৰ ফলত উপত্যকাভিত্তিক অন্যান্য সশস্ত্ৰ গোটসমূহো যথা সময়ত শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত হ’ব। উল্লেখযোগ্য যে চুক্তিবদ্ধ ভিত্তি নিয়ম বলবৎ কৰাৰ তদাৰক কৰিবলৈ এখন শান্তি নিৰীক্ষণ সমিতি (পিএমচি) গঠন কৰা হ’ব। ইউ এন এল এফৰ এই শান্তি চুক্তিয়ে মণিপুৰত শান্তি স্থাপন কৰাৰ দিশত উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।