ৰাষ্ট্ৰীয়

২৪ ঘন্টাৰ ভিতৰতে ৪১ শ্ৰমিকক সুৰংগৰ পৰা উলিয়াই অনাৰ সম্ভাৱনা প্ৰকাশ উদ্ধাৰকাৰী বিষয়াৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীত ছিলক্যাৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উলিয়াই আনিবলৈ উদ্ধাৰ অভিযান চলি আছে। একাধিক সংস্থা, বিশেষজ্ঞ, অত্যাধুনিক সঁজুলিৰ সহায়ত ইতিমধ্যে শ্ৰমিকসকলক উদ্ধাৰৰ দিশে বহুখিনি সফলতা লাভ কৰিছে উদ্ধাৰকাৰী দলসমূহে।

বিশেষ অক্সিজেন পেক আৰু ষ্ট্ৰেচাৰৰ সৈতে ইতিমধ্যে এনডিআৰএফৰ দল সুৰংগটোত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰকাৰী সংস্থাৰ জ্যেষ্ঠ বিষয়াই জনোৱা মতে, বুধবাৰে নিশা ১১.৩০ বজাৰ ভিতৰত ভাল খবৰ অহাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰলৈ সকলো শ্ৰমিককে উলিয়াই আনিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে ৩০খন এম্বুলেন্স ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে । জানিব পৰা মতে, উদ্ধাৰৰ পিছত শ্ৰমিকসকলক উত্তৰকাশীৰ চিলিয়ানিছৌৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হ’ব, য’ত ৪১খন অক্সিজেন সমৰ্থিত বিচনাৰে এটা সুকীয়া ৱাৰ্ড প্ৰস্তুত কৰা হৈছে।

উল্লেখ্য যে, উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ঝাৰখণ্ডৰ শ্ৰমিকসকলৰ বাবে ঝাৰখণ্ড চৰকাৰে গেৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। উদ্ধাৰৰ পিছত ৰাজ্যৰ অন্তৰ্গত ১৫ জন শ্ৰমিকক বিমানেৰে লৈ যোৱাৰ পৰিকল্পনা কৰিছে ঝাৰখণ্ড চৰকাৰে। উদ্ধাৰ স্থানত উপস্থিত ঝাৰখণ্ড শ্ৰম বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, ৰাজ্য চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ শ্ৰমিকসকলক বিমানেৰে লৈ যোৱাৰ পৰিকল্পনা কৰিছে।