ৰাষ্ট্ৰীয়

উত্তৰাখণ্ড হিংসাঃ মৃত্যু ৪ জনৰ, আহত ২৫০তকৈ অধিক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ হালদ্বানীৰ বনভুলপুৰাত সংঘটিত হোৱা হিংসাত্মক ঘটনা প্ৰায় ৪ জনলোকৰ মৃত্যু হোৱাৰ উপৰি ২৫০ জনতকৈ অধিকলোক আহত হয়। আহতসকলৰ বৰ্তমান চিকিৎসা চলি আছে। এই ঘটনাৰ পাছতেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উচ্চস্তৰীয় বৈঠক আহ্বান কৰি আৰক্ষীকে ধৰি বিভাগীয় কৰ্তৃপক্ষসমূহত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ আহ্বান জনায়। লগতে সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে বনভুলপুৰাৰ ওচৰত অবৈধ মাদ্ৰাছা আৰু নামাজস্থলী ধ্বংস কৰাক লৈ এই হিংসাত্মক ঘটনাৰ সৃষ্টি হয়। ঠাইখিনিত অবৈধ বেদখলকাৰী উচ্চেদ কৰিবলৈ প্ৰশাসন উপস্থিত হৈছিল। কিন্তু তাত থকা লোকসকলে আৰক্ষী তথা প্ৰশাসনৰ লোকসকলক শিল গুটি নিক্ষেপ কৰে। য'ত বহু আৰক্ষী আহত হয়। দুৰ্বৃত্তই আৰক্ষীৰে বাহনতো অগ্নি সংযোগ কৰে। পৰিস্থিতি যেতিয়া অনিয়ন্ত্ৰিত হয় তেতিয়া আৰক্ষীয়ে ৰাউণ্ড গুলী চালনা কৰিবলৈও বাধ্য় হয়।

এই ঘটনাৰ পাছতেই চহৰখনত ইন্টাৰনেট সেৱা কৰ্তন কৰি দিয়াৰ লগতে সান্ধ্য আইন জাৰি কৰা হয়। বিদ্যালয়, মহাবিদ্যালয়ো বন্ধ ঘোষণা কৰা হৈছে। লগতে দুৰ্বৃত্তক দেখিলেই গুলী মৰাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে। বৰ্তমান ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে।