আৰু মাত্ৰ কেইটামান মুহূৰ্তঃ উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত যুদ্ধকালীন তৎপৰতা...  
ৰাষ্ট্ৰীয়

আৰু মাত্ৰ কেইটামান মুহূৰ্তঃ উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত যুদ্ধকালীন তৎপৰতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আৰু মাত্ৰ ৩ মিটাৰ। উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী আৰু শ্ৰমিকৰ মাজৰ দূৰত্ব যথেষ্ট হ্ৰাস হৈছে। আৰু মাত্ৰ ৩ মিটাৰ খনন কৰিব পাৰিলেই উদ্ধাৰ কৰিব পৰা যাব শ্ৰমিকসকলক। ইয়াৰ বাবে এন্দুৰৰ কায়দাৰে সুৰংগত খন্দা হৈছে গাঁত।

প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াই উদ্ধাৰকাৰীসকলে উদ্ধাৰৰ বাবে সুৰংগত কিদৰে গাঁত খান্দিছে তাৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে। ইয়াত চাৰিজন শ্ৰমিকক দেখা গৈছে। তেওঁলোকে এডাল পাইপেৰে সুৰংগৰ ভিতৰত হাতেৰে খনন আৰম্ভ কৰিছে।

ভিডিঅ’ত দেখা গৈছে চাৰিজন শ্ৰমিকে কাম কৰি আছে। তেওঁলোকৰ তিনিজনে সৰ্ব শক্তিৰে পাইপৰ পৰা এডাস ৰছী উলিয়াই আছে। আন এজন শ্ৰমিকক তেওঁলোকৰ কাষত থিয় হৈ থকা দেখা গৈছে।

উল্লেখ্য যে সন্মুখৰ পৰা সুৰংগ খনন কৰি শ্ৰমিকক উদ্ধাৰৰ বাবে আৰু মাত্ৰ ১০ ৰ পৰা ১২ মিটাৰ থকা অৱস্থাত শুকুৰবাৰে খনন যন্ত্ৰ ভাঙি পৰে। ফলত উদ্ধাৰ অভিযান বন্ধ কৰিবলৈ বাধ্য হয়।

সেয়ে সোমবাৰৰ পৰা শ্ৰমিকে হাতেৰে নিগনিৰ কায়দাৰে খনন কৰিবলৈ আৰম্ভ কৰিছে। এইদৰে খনন কৰি এতিয়া শ্ৰমিক আৰু উদ্ধাৰকাৰীৰ মাজত মাত্ৰ ৩ মিটাৰৰ ব্যৱধানহে আছেগৈ।

মঙ্গলবাৰৰ পুৱাৰ ভাগলৈকে সুৰংগটোত মুঠ ৫১.৫ মিটাৰ খনন কৰা হৈছে।উত্তৰকাশীত এই উদ্ধাৰকাৰ্যত নিয়োজিত সুৰংগ বিশেষজ্ঞ ক্ৰিছ কুপাৰে জানিবলৈ দিয়া মতে নিশা খনন কাম ভালকৈ হৈছিল।

উত্তৰকাশীৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, শীঘ্ৰেই সুখবৰ আহিব। আমাৰ সকলো অভিযন্তা, কৰ্মীয়ে সৰ্বশক্তিৰে কাম কৰি আছে।