স্বদেশ পালেহি বিনেশ ফোগাটঃ দিল্লীত তেওঁক আদৰিবলৈ ৰৈ থকা মানুহ দেখি আৱেগিক মল্লযুঁজাৰুগৰাকী... 
ৰাষ্ট্ৰীয়

স্বদেশ পালেহি বিনেশ ফোগাটঃ দিল্লীত তেওঁক আদৰিবলৈ ৰৈ থকা মানুহ দেখি আৱেগিক মল্লযুঁজাৰুগৰাকী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পেৰিছ অলম্পিকৰ মল্লযুঁজ ইভেণ্টৰ ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিও প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হোৱা বিনেশ ফোগাট আজি আহি দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। ইয়াৰ পিছতে মল্লযুঁজাৰুগৰাকীক উষ্ম আদৰণি জনোৱা হয়।

বিনেশ ফোগাটক আদৰিবলৈ মল্লযুঁজাৰু সাক্ষী মালিক, বজৰংগ পুনিয়া, কংগ্ৰেছ সাংসদ দীপেন্দ্ৰ হুডাকে ধৰি বহু কেইজন খেলুৱৈ, নেতাও বিমান বন্দৰত উপস্থিত হয়। পুৱা ১০ বজাত বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই আহিয়েই বিনেশ ফোগাটে তেওঁক আদৰণি জনাবলৈ ৰৈ থকা অসংখ্য ক্ৰীড়া অনুৰাগী ৰাইজক দেখি ভাবুক হৈ পৰে।

সাংবাদিকে তেওঁক বহু কেইটা প্ৰশ্ন কৰে যদিও আৱেগিক হৈ পৰা বিনেশে প্ৰথম অৱস্থাত কোনো কথাই ক'ব নোৱাৰিলে। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ বিমান বন্দৰত সাংবাদিকৰ প্ৰশ্নৰ চমু উত্তৰ দিয়ে।

বিনেশে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয়, মই বহু ভাগ্যশালী। মোৰ যুঁজ এতিয়াও অন্ত পৰা নাই, এই যুঁজ এতিয়াও বহু বাকী আছে।

বিনেশ ফোগাটক আদৰি জনাই বজৰং পুনিয়াই কয়, বিনেশ এগৰাকী চেম্পিয়ন। সেয়ে তেওঁক চেম্পিয়নৰ দৰেই আদৰণি জনোৱা হৈছে। পদক লাভ কৰা, নকৰাটো ভাগ্যৰ কথা। কিন্তু বিনেশে ৰাজপথৰ পৰা অলিম্পিক পডিয়ামলৈ যি যাত্ৰা কৰিছে সেই যাত্ৰা সমগ্ৰ দেশবাসীয়ে দেখিছে।

সেইদৰেই সাক্ষী মালিকে কয়, আজি এটা ডাঙৰ দিন। বিনেশে ভাৰতৰ বাবে যি কৰিছে, ভাৰতৰ মহিলাৰ বাবে যি কৰিছে সেয়া অতি প্ৰশংসনীয়। মই মাত্ৰ আশা কৰোঁ, আপোনালোকে তেওঁক মৰম আৰু সন্মান দিব। তেওঁ এনে এগৰাকী মল্লযুঁজাৰুক পৰাস্ত কৰিছে যি কেতিয়াও পৰাস্ত হোৱা নাছিল। সেয়ে তেওঁ আমাৰ বাবে চেম্পিয়ন। এয়া আমাৰ ৰাজনৈতিক যাত্ৰা নহয়, এয়া এগৰাকী মল্লযঁজাৰু আৰু চেম্পিয়নৰ আদৰণিৰ ৰেলী।