ৰাষ্ট্ৰীয়

ভাইৰেল ৰাম! তদন্তৰ দাবী পুৰোহিতৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোদ্ধনী অনুষ্ঠান । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে মাজত মাথো কেইটামান মুহূৰ্ত। বৃস্পতিবাৰে ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হল ৰামলালাৰ প্ৰতিমা। ৫১ ইঞ্চিৰ উচ্চতাৰ শিলৰ এই মূৰ্তি নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী অৰুণ যোঘীৰাজে ।

কিন্তু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰাম লালাৰ প্ৰতিমাৰ উনমুক্ত চকুৰ প্ৰতিচ্ছবি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই ছবি ভাইৰেলৰ পিছতে ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সন্তয়েন্দ্ৰ দাসে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰাণ প্ৰতিষ্ঠা পূৰ্বে ভগৱান ৰামৰ মূৰ্তিৰ উনমুক্ত চকুৰ ছবি প্ৰকাশ কৰিব নোৱাৰি বুলি কয় মুখ্য পুৰোহিতজনে। ছবি ভাইৰেলৰ সন্দৰ্ভত তদন্তৰ দাবী কৰিছে পুৰোহিতজনে ।

প্ৰথমে বৃস্পতিবাৰে নিশা কাপোৰে চকু ঢাকি মন্দিৰৰ গৰ্ভগৃহত থোৱা ৰামলালাৰ মূৰ্তিৰ ছবি সামাজিক মাধ্য়মৰ যোগেদি বিয়পি পৰিছিল । কিন্তু কিছুসময়ৰ পিছতে উনমুক্ত চকুৰ ৰামলালাৰ মূৰ্তিৰ ছবি ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে বিষয়ববীয়া সকলৰ মাজত উদ্বেগ সৃষ্টি হয় । তাৰ পিছতে শ্ৰীৰাম তীৰ্থ ক্ষেত্ৰৰ ন্যাসে এই সন্দৰ্ভত উচিত তদন্তৰ কৰাৰ সিদ্ধান্ত লৈছে।