কংগনাক চৰিওৱা CISF ৰ মহিলা জোৱানক সংগীত শিল্পী বিশালে দিব চাকৰি... 
ৰাষ্ট্ৰীয়

কংগনাক চৰিওৱা CISF ৰ মহিলা জোৱানক সংগীত শিল্পী বিশালে দিব চাকৰি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বলিউড অভিনেত্ৰীৰ পৰা সাংসদ হোৱা কংগনা ৰাণাউটক দিল্লী যাত্ৰাৰ সময়তে চণ্ডিগড় বিমান বন্দৰত চি এই এছ এফৰ মহিলা জোৱানে চৰ মৰা কাৰ্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বৃহস্পতিবাৰে বয়িল প্ৰায় ৩ বজাত সংঘটিত হোৱা এই ঘটনাৰ পাছতে চি আই এছ এফে নিলম্বন কৰিছে এই কাণ্ড সংঘটিত কৰা জোৱান কুলৱিন্দৰ কৌৰক।

কংগনাৰ লংগত সংঘটিত হোৱা এই কাণ্ডক যদিও অধিকাংশ লোকেই গৰিহণা দিছে তথাপিও যেন কংগনাৰ প্ৰতি নাই কাৰো সহানুভূতি। ইয়াৰ পৰিৱৰ্তে দেশত এনে এক পৰিৱেশ গঢ়ি তোলাৰ বাবে বিজেপিৰ লগতে কংগনা ৰাণাউটৰ দৰে একাংশ লোককেই সমালোচনাৰ লক্ষ্য কৰি লৈছে ভিন্ন জনে।

ইয়াৰ সমান্তৰালকৈ কংগনাই যোৱা সময়চোৱাত কৰা কেতবোৰ বিতৰ্কিত মন্তব্য পুনৰ চৰ্চালৈ আহিছে। কৃষক আন্দোলনৰ সময়ত আন্দোলনকাৰী কৃষক সমাজক খালিস্তানী আখ্যা দিছিল কংগনাই। লগতে ১০০ টকাৰ বিনীয়মত দিল্লী সীমান্তত প্ৰতিবাদত বহা বুলিও উপলুঙা কৰিছিল।

কংগনাৰ এনে বিতৰ্কিত মন্তব্যৰে পৰিণাম বৃহস্পতিবাৰে তেওঁৰ গালত পৰা কুলৱিন্দৰ কৌৰ নামৰ মহিলা জোৱানগৰাকীৰ চৰটো। মন কৰিবলগীয়া যে কুলৱিন্দৰ কৌৰো এগৰাকী কৃষকৰ কন্যা। তেওঁৰ মাতৃয়েও কৃষক আন্দোলনত চামিল হৈ দিল্লী সীমান্তত দীৰ্ঘদিন ধৰি প্ৰতিবাদত বহিছিল।

ইফালে বিভিন্ন বিতৰ্কিত কথা-বতৰাৰ বাবে বলিউড জগতখনৰ পৰাও একাষৰীয়া হোৱা কংগনাৰ লগত সংঘটিত হোৱা এই কাণ্ডত সহানুভূতি দেখুওৱা নাই সমগ্ৰোত্ৰীয়সকলেও। ইয়াৰ পৰিৱৰ্তে জনপ্ৰিয় সংগীত শিল্পী বিশাল দাদলানীয়ে কংগনাৰ সৈতে সংঘটিত হোৱা ঘটনা সংঘটিত হ'ব নালাগিছিল বুলি উল্লেখ কৰিও কুলৱিন্দৰ কৌৰৰ পক্ষহে লোৱা পৰিলক্ষিত হৈছে। আনকি বিশালে কুলৱিন্দৰ কৌৰক চাকৰিৰো প্ৰস্তাৱ দিছে।

বিশালে দাদলানীয়ে কেতিয়াও হিংসাক সমৰ্থন নকৰে বুলি উল্লেখ কৰি কয় যে, চি আই এছ এফৰ মহিলা জোৱানগৰাকীৰ ক্ৰোধক বুজি পাইছে। যদিহে তেওঁৰ বিৰুদ্ধে চি আই এছ এফে কিবা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে তেন্তে তেওঁৰ বাবে আন এক চাকৰিয়ে অপেক্ষা কৰি আছে। তেওঁ ইচ্ছা কৰিলে গ্ৰহণ কৰিব পাৰে।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে এইবাৰ নিৰ্বাচিত হৈছে কংগনা ৰাণাউট। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হোৱা এন ডি এৰ বৈঠকলৈ যোৱাৰ সময়তে বৃহস্পতিবাৰে তেওঁৰ লগত সংঘটিত হয় এই ঘটনা।