ৰাষ্ট্ৰীয়

ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে সাজু পবিত্ৰ মাৰ্ঘেৰিটা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে তেওঁৰ  প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে সাজু হৈছে। ১৫ আগষ্টৰ পৰা ২৪ আগষ্টলৈকে তেওঁ লেটিন আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ মুঠ ৫ খন দেশ ভ্ৰমণ কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি মাৰ্ঘেৰিটাই ১৫-১৬ আগষ্টত ড’মিনিকান ৰিপাব্লিক, ১৭-১৯ আগষ্টত গুৱাটেমালা, ১৯ আগষ্টত এল চালভাড’ৰ, ২০-২২ আগষ্টত পানামা আৰু ২৩-২৪ আগষ্টত ট্ৰিনিডাড এণ্ড টবাগ’ত চৰকাৰী ভ্ৰমণ কৰিব।

এই সময়চোৱাত তেওঁ ড’মিনিকান ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত এইছ ই লুইছৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব।  

গুৱেটামালাত তেওঁ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি এইছ ই ছিজাৰ বাৰ্নাৰ্ডো আৰেভালো ডি লিয়নক সাক্ষাত কৰিব। এই সাক্ষাতৰ পাছত ৰাষ্ট্ৰখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এইছ ই কাৰ্লোছ ৰামিৰো মাৰ্টিনেজনৰ সৈতে দুয়ো দেশৰ দ্বিপাক্ষীক সম্পৰ্কৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব।তাৰোপৰি তেওঁ ৰাষ্ট্ৰখনৰ চেম্বাৰ অফ ইণ্ডাষ্ট্ৰী, কৃষি, বাণিজ্য, ঔদ্যোগিক আৰু বিত্তীয় সংস্থাৰ সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰিব। ইয়াৰোপৰি তেওঁ ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত ঐতিহ্যবাহী চহৰ এণ্টিগুয়াও ভ্ৰমণ কৰিব।

এল চালভাড’ ভ্ৰমণৰ সময়ত মাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি নাইব বুকেলে এল ছালভাড’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এইছ ই আলেকজেণ্ডাৰ হিল টিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু অন্যান্য মন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। তাৰোপৰি দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব।

পানামাত পবিত্ৰ মাৰ্ঘেৰিটাই দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এইছ ই জেভিয়েৰ মাৰ্টিনেজৰ সৈতে আলোচনাত বহিব। তাৰোপৰি দেশখনৰ ৰাষ্ট্ৰপতিকো সৌজন্যমূলক সাক্ষাত কৰিব। এই ভ্ৰমণৰ সময়ত পানামাত বিশ্ববিদ্যালয়ত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিতো পুষ্পাঞ্জলি অৰ্পণ কৰি গছপুলি ৰোপণ কৰিব। ইয়াৰোপৰি মাৰ্ঘেৰিটাই পানামা কেনেল আৰু পানামা পেচিফিকো মুক্ত বাণিজ্য, ঔদ্যোগিক ক্ষেত্ৰৰ সুবিধাসমূহো পৰিদৰ্শন কৰিব। দেশথনত ভাৰতৰ ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ সন্মানত এক অভ্যৰ্থনাৰো আয়োজন কৰা হ’ব। এই অভ্যৰ্থনা অনুষ্ঠানত দুয়ো দেশৰ কূটনীতিবিদসকলৰ লগতে প্ৰবাসী ভাৰতীয় সকলৰ সৈতে আলোচনাত মিলিত হ’ব।

ট্ৰিনিডাড এণ্ড টবাগ’ত মাৰ্ঘেৰিটাই দেশনৰ বৈদেশিক আৰু CARICOM পৰিক্ৰমা মন্ত্ৰী এইছ ই ড০ এমেৰী ব্ৰ’নিৰ সৈতে বৈঠকত মিলিত হ’ব। তাৰোপৰি দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাত কৰি প্ৰবাসী ভাৰতীয় সকলৰেও আলোচনাত মিলিত হ’ব।