মমতা বেনাৰ্জীৰ চৰকাৰে যৌন নিৰ্যাতনৰ বিৰুদ্ধে আনিলে কঠোৰ আইন... 
ৰাষ্ট্ৰীয়

মমতা বেনাৰ্জীৰ চৰকাৰে যৌন নিৰ্যাতনৰ বিৰুদ্ধে আনিলে কঠোৰ আইন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা যুৱতী চিকিৎসকক যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ ঘটনাই পশ্চিমবংগক আজিও উত্তাল কৰি ৰাখিছে। তাৰ মাজতে আজি পশ্চিমবংগৰ বিধাসভাত গৃহীত হ'ল যৌন নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ বিল।

'অপৰাজিতা নাৰী আৰু শিশু বিল' ( পশ্চিমবংগ ফৌজদাৰী আইন সংশোধনী বিল,২০২৪) বিধানসভাত উত্থাপন কৰে আইনমন্ত্ৰী মলয় ঘটকে। এই বিলখন উত্থাপন কৰাৰ পিছত আলোচনাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই আইন অনুসৰি এতিয়াৰে পৰা বংগত যৌন নিৰ্যাতনৰ অভিযোগ সত্য প্ৰমাণ হ'লে নিৰ্যাতনকৰাৰীৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিধান কৰা হৈছে।

এই বিল উত্থাপন কৰাৰ পাছতেই মমতা বেনাৰ্জীয়ে বিৰোধী বিজেপিক উদ্দেশ্যি কয় কয়, ''এয়া এক ইতিহাস। প্ৰধানমন্ত্ৰীয়ে নোৱাৰিলে। আমি পাৰিলো। কৰি দেখুৱালো। বিজেপিয়ে কেৱল বংগক বদনাম কৰিছে। মই এই অপবাদকাৰীসকলক কওঁ, আপোনালোকে আৰ জি কৰৰ ভয়ৱাহতাক হ্ৰাস কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জীয়ৰীসকলক সুৰক্ষা দিব পৰা নাই। তেওঁ ৰাষ্ট্ৰীয় লজ্জা। তেওঁক পদত্যাগ কৰিবলৈ কওঁক। গৃহমন্ত্ৰীকো পদত্যাগ কৰিবলৈ কওক।''

পূৰ্বে কৰা ঘোষণা মতেই মঙ্গলবাৰে বিধানসভাৰ বিশেষ অধিবেশনত পাছ কৰা হয় 'অপৰাজিতা বিল'। এই বিলৰ আলোচনাৰ বাবে দুঘণ্টা সময় দিয়া হৈছিল। প্ৰথমে বিৰোধী দলৰ বিধায়ক আৰু বিৰোধী দলৰ নেতাই বিলখনৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, 'এই বিলখনত নতুন একো নাই'।

অৱশ্যে তথাপিও শুভেন্দ্ৰু অধিকাৰীয়ে এই বিল সমৰ্থন কৰে। তাৰ মাজতেই বিৰোধী বিধায়কসকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰি হুলস্থুলীয়া পৰিবেশৰ সূচনা কৰে। বিৰোধীৰ এনে দাবীৰ মাজতে মমতা বেনাৰ্জীয়ে কয়, 'প্ৰথমে নৰেন্দ্ৰ মোডীক পদত্যাগ কৰিবলৈ কওঁক। তাৰ পাছত বাকী কথা।'

ইফালে এই বিলৰ ভাষণত মমতা বেনাৰ্জীয়ে নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত গুজৰাট, উত্তৰপ্ৰদেশৰ প্ৰসংগও টানি আনে। সমগ্ৰ দেশতে হোৱা যৌন নিৰ্যাতন, দলবদ্ধ যৌন নিৰ্যাতন আদিৰ একাধিক ঘটনাৰ বিষয়ে উল্লেখ কৰে। এই আটাইবোৰ যৌন নিৰ্যাতনৰ ঘটনাৰে তেওঁ নিন্দা কৰে। তেওঁ কয়, যৌন নিৰ্যাতন হ্ৰাস কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ দুবাৰকৈ পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু তাৰ কোনো সঠিক উত্তৰ নাপালে।