ৰাষ্ট্ৰীয়

লোকসভা নিৰ্বাচন : পঞ্চম পৰ্যায়ত কোন সমষ্টিৰ পৰা কোন কোন হাইপ্ৰফাইল প্ৰাৰ্থী...

Asomiya Pratidin

ডিজিটেল ডেস্ক : সোমবাৰে দেশত অনুষ্ঠিত হৈছে পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব। পুৱা ৭-০০ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। সন্ধিয়া ৬-০০বজালৈ চলিব ভোটদান পৰ্ব।

কেন্দ্ৰীয় শাসিতসহ দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। এই নিৰ্বাচনত দেশৰ কেইবাগৰাকী হাইপ্ৰফাইল নেতাৰ ভাগ্য নিৰ্ণয় হ’ব।

ৰাজনাথ সিং,স্মৃতি জুবিন ইৰাণী, পীয়ুষ গোৱেল, ৰাহুল গান্ধী,কিশোৰীলাল শৰ্মা আদিৰ দৰে ৰথী-মহাৰথীৰ আজি ই ভি এম মেচিনত নিৰ্ণয় হ'ব ভাগ্য।

উত্তৰ প্ৰদেশ

  • আমেথি- স্মৃতি জুবিন ইৰাণী, কিশোৰী লালা শৰ্মা(কংগ্ৰেছ)

  • ৰাইবেৰেলী- ৰাহুল গান্ধী

  • লক্ষ্ণৌ- ৰাজনাথ সিং

  • কেইশৰগঞ্জ- কৰণ ভূষণ সিং

বিহাৰ

  • হাজিপুৰ- চিৰাগ পছোৱান

  • চৰণ- ৰোহিনী আচাৰ্য আৰু ৰাজীৱ প্ৰতাপ ৰুড্ডী (বিজেপি)

  • মুজাফৰপুৰ- ৰাজ ভূষণ চৌধুৰী

মহাৰাষ্ট্ৰ

  • মুম্বাই উত্তৰ- পীয়ুষ গোৱেল

  • মুম্বাই উত্তৰ-পশ্চিম- ৰবীন্দ্ৰ দত্তৰাম ৱাইকৰ

  • মুম্বাই দক্ষিণ- অৰবিন্দ সাৱান্ত

  • মুম্বাই উত্তৰ-মধ্য- উজ্জ্বল নিকাম(বিজেপি) আৰু বৰ্ষা গাইকোৱাড় (কংগ্ৰেছ)

  • কল্যাণ- ড০ শ্ৰীকান্ত সিন্ধে (শিৱসেনা)

জম্মু আৰু কাশ্মীৰ

  • বাৰামুলা- ওমৰ আব্দুল্লাহ

ঝাৰখণ্ড

  • চাত্ৰা- কৃষ্ণ নন্দ ত্ৰিপাঠী (কংগ্ৰেছ)

পশ্চিম বংগ

  • বাৰেকপুৰ- অৰ্জুন সিং (বিজেপি) আৰু পাৰ্থ ভৌমিক (টিএমচি)

  • হাওৰা- ৰথিন চক্ৰৱৰ্তী (বিজেপি) আৰু প্ৰসূন বেনাৰ্জী (টিএমচি)