ৰাষ্ট্ৰীয়

লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধীতা কৰিলে কোন ২ সাংসদে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভাত গৃহীত নাৰী শক্তি বন্দন অধিনিয়ম। এই বিধেয়কখনৰ সপক্ষে লোকসভাত ৪৫৪ জন সাংসদে ভোট দান কৰাৰ বিপৰীতে ইয়াৰ বিৰোধিতা কৰিলে দুজন সাংসদে। উল্লেখ্য যে, প্ৰথম নাৰীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা প্ৰয়োজনীয়তাৰ কথা প্ৰথম উত্থাপন কৰিছিল গীতা মুখাৰ্জীয়ে।

বৃহস্পতিবাৰে এই বিধেয়কখন ৰাজ্যসভাত গৃহীত হ'ব। তাৰপাছতে বিধেয়খন প্ৰেৰণ কৰা হ'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ। তেওঁ স্বাক্ষৰ কৰাৰ পাছতেই লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কাৰ্যত আইনত পৰিণত হ'ব। অৱশ্যে এই ৩৩ শতাংশ নাৰীৰ বাবে সংৰক্ষণ ২০২৪ চনৰ নিৰ্বাচনত প্ৰযোজ্য নহ'ব।

লোকসভাত এই বিধেয়কখনৰ বিৰোধিতা কৰিলে অল ইণ্ডিয়া মুছলিম মজলিছ এ ইট্টেহাদুল মুছলিমিন চমুকৈ এআইএমআইএম ৰ হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছি আৰু ঔৰংগাবাদৰ সাংসদ ইণ্টিয়াজ জলিলে।

এই বিধেয়কখন কাৰ্যকৰী হলে লোকসভাত মহিলাৰ বাবে ১৮১ খন আসন সংৰক্ষিত হ'ব আৰু এই সংৰক্ষণ ব্যৱস্থা ১৫ বছৰৰ বাবে থাকিব।