ৰাষ্ট্ৰীয়

দুটা বিলাহীৰ বাবে পত্নী গ'ল ঘৰ এৰি, স্বামী পালেগৈ আৰক্ষীৰ কাষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে বিলাহীৰ মূল্য আকাশলংঘী হৈছে। কৰবাত যদি প্ৰতিকিলো ২০০ টকা কৰবাত ৩০০ টকা। ১০০ টকাৰ তলত হয়তো কোনো ৰাজ্যতে বিলাহী পোৱা নাযায়। বিলাহী বা অন্যান্য শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে ক্ষতি কৰিছে সাধৰণ জনতাক।

এই বিলাহীৰ বাবেই এটা পৰিয়ালত সংঘাতৰ সৃষ্টি হৈছে। মধ্য প্ৰদেশৰ শ্বাহডোলৰ পৰা পোহৰলৈ আহিছে এক বিশেষ খবৰ। বিলাহীৰ বাবে পত্নীয়ে এৰি গ'ল স্বামীক। সন্দীপ বুৰ্মান নামৰ লোকজনে খাদ্য তৈয়াৰ কৰাৰ সময়ত দুটা বিলাহী ব্যৱহাৰ কৰিছিল যাৰ বাবে পত্নী আৰতী বুৰ্মানে এৰি যায় তেওঁক। ইয়াৰ পাছতে আৰক্ষীৰ ওচৰ চাপিছিল সন্দীপ।

আৰক্ষীক তেওঁক কয় যে, ছোৱালীৰ সৈতে তেওঁৰ পত্নী ঘৰৰ পৰা ওলাই গৈছে। তিনিদিন ধৰি বিচাৰিও নোপোৱাত অৱশেষত আৰক্ষীৰ ওচৰ চাপিছে সন্দীপে। তেওঁ কয় যে, খাদ্যত বিলাহী ব্যৱহাৰ কৰাক লৈ পত্নীৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। যাৰ পাছত তেওঁক এৰি যায়।

ইয়াৰ পাছতে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। আৰক্ষীয়ে ঘটনাটোত হস্তক্ষেপ কৰি সন্দীপ আৰু আৰতীক বুজাইছিল। আৰক্ষীয়ে জনাইছে যে শীঘ্ৰেই আৰতী ঘৰলৈ ঘূৰি আহিব সন্দীপৰ ওচৰলৈ।