গৌৰী লংকেশ হত্যাকাণ্ডঃ মিছা সাক্ষ্য দিবলৈ বাধ্য কৰিছিল আৰক্ষীয়ে...  
ৰাষ্ট্ৰীয়

গৌৰী লংকেশ হত্যাকাণ্ডঃ মিছা সাক্ষ্য দিবলৈ বাধ্য কৰিছিল আৰক্ষীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ। হত্যাকাণ্ডৰ ৭ বছৰ অতিক্ৰম কৰাৰ পাছতো এই হত্যাকাণ্ড কোনে সংঘটিত কৰিছিল সেই বিষয়ে স্পষ্ট হোৱা নাই। এতিয়াও অভিযুক্তক হত্যকাৰী হিচাপে প্ৰমাণ কৰিব পৰা নাই আৰক্ষীয়ে।

শেহতীয়াকৈ এই গোচৰৰ তিনি অভিযুক্তক জামিনো প্ৰদান কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে এতিয়া এই হত্যাকাণ্ডৰ গোচৰৰ অন্যতম মূল এগৰাকী সাক্ষীয়ে প্ৰদান কৰা ভাষ্যই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

সাংবাদিক গৌৰী লংকৰেশৰ হত্যাৰ গোচৰৰ অন্যতম গুৰুত্বপূৰ্ণ সাক্ষী মাদেটিৰা থিম্মাইয়াই দাবী কৰিছে তেওঁক এই গোচৰটোৰ সন্দৰ্ভত মিছা সাক্ষী দিবলৈ আৰক্ষীয়ে বাধ্য কৰাইছিল। বেংগালুৰুৰ ব্যৱসায়ী মাদেটিৰাৰ এই দাবীত স্বাভাৱিকতেই আৰম্ভ হৈছে প্ৰতিক্ৰিয়া।

২০১৭ চনৰ  ৫ ছেপ্টেম্বৰত বেংগালুৰুৰ ৰাজৰাজেশ্বৰী নগৰ অঞ্চলৰ নিজৰ বাসগৃহৰ বাহিৰতে হত্যাৰ বলি হৈছিল সাংবাদিক গৌৰী লংকেশ। তিনি মটৰ চাইকেল আৰোহীয়ে গুলীয়াই হত্যা কৰিছিল হিন্দুত্ববাদী ৰাজনীতিৰ সমালোচকগৰাকীক।

এই হত্যাকাণ্ডৰ ৭ বছৰ অতিক্ৰম কৰিলে যদিও এতিয়াও এই হত্যাকাণ্ডৰ সন্দৰ্ভত কোনো সঠিক তথ্য উদঘাটন কৰিব পৰা নাই আৰক্ষীয়ে। এই হত্যাকাণ্ডৰ অন্যতম সাক্ষী ৪৬ বৰ্ষীয় মাদেটিৰা থিম্মাইয়াই পূৰ্বে কৈছিল হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ৰাজেশ বাংগেৰা তেওঁৰ পূৰ্ব পৰিচিত।

ৰাজেশসহ ৪ জনক তেওঁৰ কাৰ্যালয় ব্যৱহাৰৰো অনুমতি প্ৰদান কৰিছিল। কাৰ্যালয়ত বাকী দুজনৰ সৈতে ৰাজেশে গৌৰী লংকেৰশৰ সন্দৰ্ভত কিছু কথা পাতিছিল। অভিযোগ অনুসৰি ইয়াতেই গৌৰী লংকেশৰ হত্যাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল।

মাদেটিৰা থিম্মাইয়াই ২০১৮ ত এই সাক্ষ প্ৰদান কৰাৰ পাছত এতিয়া আকৌ ইয়াৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰিছে। কৰ্ণাটক কণ্ট্ৰোল অফ অৰ্গেনাইজড এক্টৰ আওঁতাত বিশেষ কোৰ্টত মাদেটিৰা থিম্মাইয়াই কয়, হত্যাকাণ্ডৰ গোচৰত বিশেষ তদন্তকাৰী গোটৰ সদস্যসকলে তেওঁক জোৰ কৰি মিছা সাক্ষ দিবলৈ বাধ্য কৰিছিল।

তেওঁ কয়, ২০১৮ চনত বেংগালুৰুৰ চি আই ডি দপ্তৰলৈ তেওঁক মাতি পঠিওৱা হৈছিল। ২ দিন তেওঁক বেংগালুৰুতে থাকিবলৈ কোৱা হৈছিল। বাংগেৰাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক আছে নেকি জানিবলৈ তেওঁক কেইবা ঘণ্টা ধৰি জেৰা কৰা হৈছিল।

আৰক্ষীয়ে তালাচীৰ সময়ত তেওঁৰ ফণী আৰু টুথব্ৰাছো জব্দ কৰিছিল। তেওঁ দাবী কৰিছিল যে, বেংগাৰৰ সৈতে তেওঁৰ কোনো সংযোগ বিচাৰি নোপোৱাৰ পিছত আৰক্ষীয়ে তেওঁক ভাবুকি দিছিল। তেওঁক আৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

গৌৰী লংকেশ হত্যাকাণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ সাক্ষীগৰাকীৰ এই ভাষ্যই এতিয়া স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি কৰিছে। প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীৰ ভূমিকাক লৈ। সমান্তৰালকৈ এইদৰে ভুৱা সাক্ষ্যৰে আৰক্ষীয়ে দৰাচলতে প্ৰকৃত হত্যাকাৰীক সুৰক্ষাৰ চেষ্টা কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। প্ৰায় ৮ বছৰ হোৱা এই হত্যাকাণ্ডৰ হত্যাকাৰীক আজিও শাস্তি দিব নোৱাৰাৰ আঁৰত কি আছে সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে।