ৰাষ্ট্ৰীয়

কামৰ হেঁচাত মহিলা কৰ্মচাৰীৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্ক : কামৰ প্ৰচণ্ড হেঁচা আৰু বোজাৰ বাবে অসুস্থ হৈ পুনেত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীৰ মৃত্যু হয়। আৰ্নেষ্ট এণ্ড ইয়ং ইণ্ডিয়া নামৰ কোম্পানীটোত কৰ্মৰত আছিল মহিলাগৰাকী। তেঁওৰ এই মৃত্যুক কেন্দ্ৰ কৰি এতিয়া ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মহিলাগৰাকীৰ নাম হৈছে আন্না চেবাষ্টিয়ান পেৰায়িল। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল মাত্ৰ ২৬বছৰ। উক্ত কোম্পানীটোত তেঁও এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কাম কৰিছিল।

মাতৃয়ে কোম্পানীটোৰ মুৰব্বীলৈ এক পত্ৰযোগে কামৰ হেঁচা আৰু বোজাৰ বাবে কন্যাৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে। তাৰোপৰি কন্যাগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া পৰ্বত কোম্পানীটোৰ কোনো বিষয়ববীয়া উপস্থিত নথকা কাৰ্য সন্দৰ্ভতো ক্ষোভ ব্যক্ত কৰে।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰোপৰি কেন্দ্ৰীয় ৰাজ্যিক শ্ৰম দপ্তৰৰ মন্ত্ৰীয়ে ঘটনাৰ তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।