ৰাষ্ট্ৰীয়

বিধায়কক মহিলাৰ চৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : উদ্দেশ্য আছিল ঠিকেই,কিন্তু ভাগ্যহে বেয়া। বানপানীৰ খবৰ ল'বলৈ গৈ মহিলাৰ চৰ খাবলগীয়া হ'ল এগৰাকী বিধায়কে। এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাত।

জননায়ক জনতা পাৰ্টীৰ ঈশ্বৰ সিঙ নামৰ বিধায়কগৰাকী গৈছিল ৰাজ্যখনৰ ভাটীয়া গাওঁ নামৰ গাঁৱখনত সৃষ্টি হোৱা বানপানীৰ খবৰ ল'বলৈ। বানত বুৰ যোৱা গাঁৱখনৰ এগৰাকী মহিলাই অভিযোগ তুলি বিধায়ক ঈশ্বৰ সিঙক চৰ শোধায়। সম্প্ৰতি এই সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে।