ৰাষ্ট্ৰীয়

৩০ বছৰ ধৰি মৌন হৈ আছে এগৰাকী মহিলা, অপেক্ষা ৰাম মন্দিৰ উদ্বোধনৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ পাছত মৌন ব্ৰত ভংগ কৰিব এগৰাকী মহিলাই। অৱশেষত যেন সপোন পূৰণ হোৱাৰ দিশে ঝাৰখণ্ডৰ ৮৫ বছৰীয়া এগৰাকী মহিলাৰ। তেওঁৰ পৰিয়ালে দাবী কৰিছে যে, ১৯৯২ চনৰ যিটো দিনত বিবাদিত স্তুপ ধ্বংস কৰা হৈছিল সেই দিনাই সৰস্বতী দেৱীয়ে প্ৰতিজ্ঞা কৰিছিল যে যিদিনা ৰাম মন্দিৰ উদ্বোধন হ'ব সেই দিনা তেওঁ মৌন ব্ৰত ভংগ কৰিব। ইতিমধ্যে সৰস্বতী দেৱীয়ে মন্দিৰৰ উদ্বোধন চাবলৈ সোমবাৰে নিশাই ৰে'লেৰে উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে।

সৰস্বতী দেৱীক অযোধ্যাত ''মৌনী মাতা'' হিচাপে জনা যায়। তেওঁ সাংকেতিক ভাষাৰ জৰিয়তে কথা পাতে। অৱশ্যে তেওঁ মৌন ব্ৰতৰ পৰা মাজতে বিৰাম লৈছিল। ২০২০ চনলৈ প্ৰতিদিনে তেওঁ দিনত এঘন্টাৰ বাবে কথা কৈছিল। কিন্তু যিদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ শিলান্যাস কৰে সেই দিনাৰ পৰা সম্পূৰ্ণ মৌন ব্ৰত ধাৰণ কৰে।

সৰস্বতীৰ পুত্ৰ হৰে ৰামে কৈছে যে তেওঁৰ মাতৃক মহন্ত নৃত্য গোপাল দাসৰ শিষ্যসকলে ৰাম মন্দিৰৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। চাৰিগৰাকী কন্যাসহ আঠটা সন্তানৰ মাতৃ সৰস্বতী দেৱীয়ে ১৯৮৬ চনত তেওঁৰ স্বামী দেৱকিানন্দন আগৰৱালাৰ মৃত্যুৰ পিছত ভগৱান ৰামক নিজৰ জীৱন উৎসৰ্গা কৰিছিল। বেছিভাগ সময় তেওঁ তীৰ্থ যাত্ৰা কৰি কটাইছিল।