ৰাষ্ট্ৰীয়

'গগণযান'ত মহাকাশলৈ পঠিৱাব মহিলা : ইছৰো অধ্যক্ষ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে দেওবাৰে ভাৰতৰ বহু প্ৰত্যাশিত মানৱ মহাকাশ উৰণ অভিযান 'গগনযান' সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এচ সোমনাথে কয় যে, দেওবাৰে কয় যে ইছৰোই বহু প্ৰত্যাশিত মানৱ মহাকাশ উৰণ কাৰ্যসূচী 'গগনযান' অভিযানৰ বাবে মহিলা যুঁজাৰু পাইলট বা মহিলা বিজ্ঞানীক অগ্ৰাধিকাৰ দিব।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে লগতে কয় যে, ২০২৪ত ইছৰোই নিজৰ মানৱবিহীন 'গগনযান' অভিযানত মহাকাশযানত এগৰাকী মহিলা হিউমেন’ইড ৰবট প্ৰেৰণ কৰিব। এই অভিলাষী অভিযানৰ লক্ষ্য হৈছে ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিম্ন পৃথিৱীৰ কক্ষপথত মানুহক তিনিদিনৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰি নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনা।

মানৱ মহাকাশ উৰণ অভিযান 'গগানযান'ৰ পূৰ্বে ইছৰোৱে নিজৰ টিভি-ডি১ পৰীক্ষামূলক বাহন সফলতাৰে উৎক্ষেপণ কৰাৰ এদিন পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষগৰাকীয়ে এই মন্তব্য কৰে। লগতে তেওঁ কয় যে, ২০২৫ চনৰ ভিতৰত ইছৰোৱে এই মানৱবাহী অভিযান সম্পন্ন কৰাৰ আশা কৰিছে। ই হ্ৰস্বম্যাদী অভিযান হ’ব বুলিও তেওঁ কয়।

উল্লেখ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে মানৱ মহাকাশ উৰণ অভিযান 'গগনযান'ৰ পূৰ্বে টিভি-ডি১ পৰীক্ষামূলক বাহনখন সফলতাৰে উৎক্ষেপণ কৰে।উৎক্ষেপণত পলমকে ধৰি বিভিন্ন প্ৰাৰম্ভিক সমস্যা অতিক্ৰম কৰাৰ পিছত মহাকাশ সংস্থাটোৱে দেশৰ অভিলাষী 'গগনযান' কাৰ্যসূচীৰ সৈতে জড়িত পেলোডৰে পৰীক্ষামূলক বাহনখন সফলতাৰে উৎক্ষেপণ কৰে।

অধ্যক্ষগৰাকীয়ে লগতে কয় যে, ইছৰোৰ লক্ষ্য হৈছে ২০৩৫ চনৰ ভিতৰত সম্পূৰ্ণ এটা কাৰ্যক্ষম মহাকাশ কেন্দ্ৰ স্থাপন কৰা।