ইউৰোপৰ তিনি মহাশক্তি, জি-৭ ৰাষ্ট্ৰক অতিক্ৰমি ভাৰতীয় মহিলাৰ অভিলেখ... 
ৰাষ্ট্ৰীয়

ইউৰোপৰ তিনি মহাশক্তি, জি-৭ ৰাষ্ট্ৰক অতিক্ৰমি ভাৰতীয় মহিলাৰ অভিলেখ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইউৰোপৰ তিনি মহাশক্তি ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীক অতিক্ৰম কৰিলে ভাৰতীয় মহিলাই। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ইতিহাস সৃষ্টি কৰি ভাৰতীয় মহিলাই এই তিনি মহাশক্তিৰ মুঠ জংসখ্যাক অতিক্ৰম কৰিছে। ভাৰত হৈ পৰিছে মহিলা ভোটদানৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দেশ।  

সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি দেশৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে এইবাৰৰ নিৰ্বাচনত মুঠ ৬৪.২ কোটি লোকে ভোটদান কৰিছে বুলি অৱগত কৰিছে। ইয়াৰ ভিতৰত ৩১ কোটিয়েই মহিলা ভোটাৰ। এই কথা উল্লেখ কৰি তেওঁ কয় যে, পৃথিৱীত কোনো নিৰ্বাচনতেই ইমান মানুহে ভোট দিয়াৰ দৃষ্টান্ত নাই।

নিৰ্বাচনৰ সফলতাৰ খতিয়ান দাখিল কৰি কেইবাটাও পৰিসংখ্যা তুলি ধৰিছে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে। তেওঁ কয়, সদ্যসমাপ্ত নিৰ্বাচনত ভাৰতত ভোটদানৰ সংখ্যা জি-৭ সদস্য দেশসমূহৰ মুঠ ভোটাৰৰ ডেৰগুণ অধিক। ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশৰ ভোটাৰৰ ভিতৰতো এই সংখ্যা আঢ়ৈগুণ অধিক। এয়া কেৱল ভোটদাতাৰ সংখ্যা। ভোটাৰ তালিকাত নাম থকা ভোটাৰৰ সংখ্যাৰ লগত তুলনা কৰিবলৈ গ'লে ইয়াৰ ব্যৱধান আৰু অধিক বৃদ্ধি পাব।

উল্লেখ্য যে, সদ্যসমাপ্ত নিৰ্বাচনত দেশৰ ৩১ কোটিতকৈ অধিক মহিলা ভোটাৰে ভোটদান কৰিলে। উল্লেখ্য যে, ইউৰোপৰ চাৰি মহাশক্তি ক্ৰমে ব্ৰিটেইন, ইটালী, ফ্ৰান্স আৰু জাৰ্মানীৰ মুঠ জনসংখ্যাতকৈ এই সংখ্যা অধিক। ৩১ কোটি মহিলা ভোটাৰে ভোট দিয়াৰ নজিৰ বিশ্বৰ কোনো প্ৰান্ততে নাই বুলিও ৰাজীৱ কুমাৰে উল্লেখ কৰিছে আজিৰ সংবাদ মেলত।