RSS ৰ সহযোগী সংস্থাৰ দাবী- ভাৰতত খিলঞ্জীয়া দিৱস পালনৰ কোনো অৰ্থ নাই 
ৰাষ্ট্ৰীয়

RSS ৰ সহযোগী সংস্থাৰ দাবী- ভাৰতত খিলঞ্জীয়া দিৱস পালনৰ কোনো অৰ্থ নাই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ''জনজাতীয় লোকসকলৰ লগতে সকলো ভাৰতীয় ভাৰতৰ খিলঞ্জীয়া। সেয়ে ভাৰতত প্ৰতি বছৰে ৯ আগষ্টত বিশ্ব খিলঞ্জীয়া গণ দিৱস পালন কৰাৰ কোনো প্ৰাসংগিকতা নাই।'' বিশ্ব খিলঞ্জীয়া গণ দিৱসৰ প্ৰাকক্ষণত এই মন্তব্য কৰিছে আৰ এছ এছৰ সহযোগী সংগঠন অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমে।

এক বিবৃতিত সংস্থাটোৰ সভাপতি সত্যেন্দ্ৰ সিঙে কয়, ৯ আগষ্টক বিশ্ব খিলঞ্জীয়া গণ দিৱস হিচাপে পালন কৰাৰ ৰাষ্ট্ৰসংঘৰ ঘোষণাৰ উদ্দেশ্য হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু কানাডাৰ দৰে আন দেশ, মহাদেশৰ সংগ্ৰামী খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু আত্মসন্মান বৃদ্ধি কৰা।

বিবৃতিত তেওঁ কয়, ভাৰতৰ ক্ষেত্ৰত এই দিৱস পালন কৰাৰ কোনো প্ৰাসংগিকতা নাই বা ইয়াৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। কিয়নো আমাৰ দেশৰ সকলো লোক এই ভূমিৰ খিলঞ্জীয়া। আমি এতিয়া ঔপনিৱেশিক শক্তিৰ কবলৰ পৰা মুক্ত।

তেওঁ কয়, ভাৰতে ২০০৭ চনত ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছিল আৰু স্পষ্ট ভাষাৰে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিছিল যে, সকলো ভাৰতীয় ভাৰতৰ খিলঞ্জীয়া লোক। ইয়াৰোপৰি তেওঁ কয়, আমেৰিকা কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু সেইসমূহ দেশ য’ত ঔপনিৱেশিক শক্তি এতিয়াও শাসনত আছে তেওঁলোকে এই ঘোষণাপত্ৰত স্বাক্ষৰ কৰা নাই।

অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমে ভাৰতৰ সকলো লোকেই খিলঞ্জীয়া লোক বুলি দৃঢ়তাৰে বিশ্বাস কৰে বুলিও উল্লেখ কৰি সত্যেন্দ্ৰ সিঙে কয়, জনজাতি, জনজাতীয় সম্প্ৰদায়ৰ লোকসকলো আমাৰ সনাতন সমাজৰ অংশ। যদিও তেওঁলোকৰ জীৱন শৈলী, ভাষা, পোচাক, পৰম্পৰাগত প্ৰথাত বিবিধতা আছে তথাপিও আমাৰ সনাতন সমাজৰ সাংস্কৃতিক দৃষ্টিভংগী একে।

সংস্থাটোৰ অভিযোগ ভাৰতৰ কিছু বাহ্যিক শক্তি আৰু খ্ৰীষ্টান মিছনাৰীয়ে খিলঞ্জীয়া লোক দিৱসৰ নামত সমাজক বিভাজন কৰিবলৈ এক ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই ষড়যন্ত্ৰত জনজাতীয় সম্প্ৰদায়ৰ মাজত কৰা কৰা কিছু সংগঠনেও বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰি ভৰি দিয়া বুলি উল্লেখ কৰি ইয়াক দুৰ্ভাগ্যজনক আখ্যা দিছে সংস্থাটোৱে।