ৰাষ্ট্ৰীয়

আমেৰিকাত ১৩৫খন দেশে অংশ গ্ৰহণ কৰিলে যোগ দিৱসত, গঢ়িলে বিশ্ব অভিলেখ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস। এই যোগ দিৱসৰ একেদিনাই ৰচনা হ'ল দুটাকৈ বিশ্ব অভিলেখ। আজি নিউয়ৰ্কত অনুষ্ঠিত এক বিশাল কাৰ্যসূচীত অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। য'ত তেওঁ যোগাভ্যাস কৰাৰ লগতে বহুলোকে অংশ গ্ৰহণ কৰে।

ৰাষ্ট্রসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগ দিৱসৰ কাৰ্যসূচীত অভিলেখ সংখ্যক দেশে অংশগ্রহণ কৰে। নিউয়ৰ্কত হোৱা এই কাৰ্যসূচীত একেলগে ১৩৫খন দেশে ভাগ লয়। যাৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’ল এই অভিলেখ। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদান কৰা হয় গীনিজ ৱাৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰ।

ইয়াৰ লগতে গুজৰাটৰ ছুৰাটতো হৈছে আন এক অভিলেখ। একলগে যোগ দিৱসত অংশ ল’লে লক্ষাধিক লোকে। ছুৰাটত ১ লাখ ২৫ হাজাৰ লোকে ভাগ ল’লে যোগ দিৱসত। যাৰ বাবে ছুৰাটৰ যোগ দিৱস অন্তৰ্ভুক্ত হ’ল গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত। মুখ্যমন্ত্রী ভূপেন্দ্র পাটিলে গ্রহণ কৰে অভিলেখৰ প্রমাণ পত্র।