ত্ৰিপুৰাত ৭০ হাজাৰ য়াবা টেবলেট জব্দ...  
উত্তৰ-পূব

ত্ৰিপুৰাত ৭০ হাজাৰ য়াবা টেবলেট জব্দ...

Asomiya Pratidin

নিউজ শিলচৰ: আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ত্ৰিপুৰা আৰক্ষীয়ে। মঙ্গলবাৰে চেপাহিজিলাৰ সোণামুৰা আৰক্ষী আৰু বি এছ এফে ড্ৰাগছ বিৰোধী যুটীয়া অভিযান চলাই সফলতা লাভ কৰিছে।

দলটোৱে ৰবীন্দ্ৰ নগৰ এলেকাৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে। এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে ৭০ হাজাৰ য়াবা টেবলেট জব্দ কৰে।‌

৭টা পেকেটৰ পৰা উদ্ধাৰ কৰা এই টেবলেটখিনিৰ মূল্য প্ৰায় ২৮ লাখ টকা। আনহাতে ব্যৱসায়ীজনৰ ঘৰৰ পৰা নগদ ২ লাখ ২৩ হাজাৰ ৮০০ টকাৰ লগতে এখন বাহনো জব্দ কৰিছে। অৱশ্যে ড্ৰাগছ ব্যৱসায়ী জন আৰক্ষী অহাৰ উমান পাই ঘৰৰ পৰা পলাই যাবলৈ সক্ষম হয়।