উত্তৰ-পূব

সীমা বিবাদত অতিষ্ঠ অসমীয়া

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ সীমামূৰীয়া অঞ্চলত পুনৰ সংঘটিত হৈছে সীমা বিবাদৰ ঘটনা। চুবুৰীয়া ৰাজ্যৰে হোৱা সীমা সংঘাতত অতিষ্ঠ হৈ পৰিছে অসমৰ সীমামূৰীয়া বাসিন্দা। অৰুণাচল, নাগালেণ্ড, মেঘালয়াকে আদি কৰি চুবুৰীয়া প্ৰতিখন ৰাজ্যই অসমৰ বাসিন্দাক সীমাকেন্দ্ৰীক সংঘাতৰ মাজলৈ ঠেলি দি চিন্তিত কৰি তুলিছে।

বুধবাৰৰ দিনোটোতো সংঘটিত হৈছে এনে সীমা বিবাদৰ ঘটনা। অসম-মেঘালয়ৰ আন্তঃৰাজ্যিক সীমান্তত সীমা বিবাদৰ সংঘাতত পুনৰ জ্বলি উঠে সীমান্তৱৰ্তী এটা এলেকা। মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলা আৰু অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ মাজৰ সীমামূৰীয়া গাঁও লাপাংগেপত সংঘটিত হয় এই ঘটনা ।

সীমাকেন্দ্ৰীক বিবাদৰ বাবেই গাঁওখনৰ দুই পক্ষৰ মাজত হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয়। দুয়ো পক্ষৰ লোকে ধনু-কাড়, কেপেটাৰে ইজনে সিজনক আক্ৰমণ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। সংঘাতত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও এনে বিবাদৰ বাবে প্ৰায় প্ৰতিদিনে সমস্যাৰ সন্মুখীন হোৱাৰ কথা ব্যক্ত কৰে অঞ্চলবাসীয়ে।

ৰাজ্য দুখনৰ চৰকাৰে সীমামূৰীয়া গাঁওখনৰ এই সমস্যাৰ প্ৰতি কাণসাৰ নিদিয়াৰ অভিযোগ স্থানীয়ৰ। অসমৰ সীমামূৰীয়া বাসিন্দাই প্ৰকাশ কৰা অনুসৰি সীমা বিবাদৰ বাবে অতিষ্ঠ হৈ পৰিছে তেওঁলোক। এই বিবাদৰ বাবে সময়ে সময়ে সন্মুখীন হৈ অহা সমস্যাত ভুগাত তেওঁলোকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক ব্যৱস্থা ল'বলৈ আহ্বান জনায়।