উত্তৰ-পূব

মেঘালয়লৈ যোৱাৰ পৰিকল্পনা আছে নেকি ? এই পথেৰে নাযাব...

Asomiya Pratidin

ডিজিটেল ডেস্ক : মেঘালয়ৰ সোণাপুৰত আজিও অব্যাহত আছে ভূমিস্খলন। বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত ৰাজ্যৰ বহু প্ৰান্তত প্ৰাকৃতিক দুৰ্যোগে ধৰা দিয়াৰ সমান্তৰাল ভাবে চুবুৰীয়া ৰাজ্য মেঘালয়তো প্ৰায় এসপ্তাহ ধৰি ভূমিস্খলনে দেখা দি আহিছে।

যাৰ ফলত বন্ধ হৈ আছে ৬নং ৰাষ্ট্রীয় ঘাইপথৰ সুৰংগ পথ। বিগত কেইবাদিনো ধৰি শিলচৰ-শ্বিলঙৰ মাজত বন্ধ হৈ আছে যাতায়াত। চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম, ত্রিপুৰাৰেও এই ভূমিস্খলনৰ বাবে যোগাযোগ বিচ্ছিন্ন হৈ আছে।

আনহাতে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে এন এইছ এ আই কৰ্তৃপক্ষই। পথটোৰে যাত্রা নকৰিবলৈ আহ্বান এন এইছ এ আই কৰ্তৃপক্ষ তথা জিলা প্রশাসনৰ।