উত্তৰ-পূব

আছাম ৰাইফলছ, NSCN (K) ৰ মাজত সংঘৰ্ষঃ এজন নিহত, এজনক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ শিচলৰঃ নাগালেণ্ডৰ মন জিলাত শেহতীয়াকৈ সংঘটিত হোৱা এক এনকাউণ্টাৰৰ ঘটনাত এজন এন এছ চি এন (কে) কেডাৰৰ মৃত্যু হোৱাৰ লগতে এজন কেডাৰক আটক কৰিছে আছাম ৰাইফলছে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগে ৪ মাৰ্চ সোমবাৰে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰা মতে, এই অভিযানত বহু কেইটা অস্ত্ৰ-শস্ত্ৰ, যুদ্ধত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গৃহমন্ত্ৰণালয়ৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি এক গোপন সূত্ৰৰ আধাৰত আছাম ৰাইফলছৰ এটা দলে মন জিলাৰ ছাংচা গাঁৱত অভিযান চলাইছিল।

খবৰ অনুসৰি গাঁওখনত বিদ্ৰোহীৰ সন্দেহজনক অৱস্থিতি প্ৰত্যক্ষ কৰাৰ লগতে কুটাঘাটৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই খবৰৰ ভিত্তিতে ৩ মাৰ্চত আছাম ৰাইফলছে চলাই এই অভিযান।

অভিযানৰ সময়তে এন এছ চি এন (কে)ৰ কেডাৰৰ সৈতে হোৱা এনকাউণ্টাৰত এজনৰ মৃত্যু হোৱাৰ লগতে এজনক আটক কৰিছে। জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে এটা স্বয়ংক্ৰিয় ৰাইফল, এটা স্বয়ংক্ৰিয় পিষ্টল, গ্ৰেণেড, গুলীবাৰুদ, অন্যান্য যুদ্ধ সামগ্ৰী, খাদ্য সামগ্ৰী, সেনাৰ পোচাক, মোবাইল আদি জব্দ কৰিছে।