উত্তৰ-পূব

নাগালেণ্ডৰ দুই বিদ্ৰোহী সংগঠনৰে যুদ্ধ বিৰতি ম্যাদ বৃদ্ধি কেন্দ্ৰৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজান: কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে এনএছচিএনৰ দুটা ফৈদৰ সৈতে যুদ্ধবিৰতি চুক্তি আৰু এবছৰৰ বাবে যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি কৰে । এই গোট দুটা হৈছে এনএছচিএন/জিপিআৰএন (খাংগো) আৰু এনএছচিএন (R)।

নাগালেণ্ডৰ সাত দশকজোৰা শান্তিৰ শৃংখল আৰু নগা ৰাজনৈতিক সমস্যা সমাধানৰ গ্ৰাউণ্ড ৰুল পদ্ধতিসমূহ বজাই ৰখাৰ আৰু যুদ্ধবিৰতিৰ নিয়ম মানি চলাৰ ভিত্তিত এন এছ চি এন (খাংগো)ৰ সৈতে যুদ্ধবিৰতি ১৮ এপ্ৰিল, ২০২৪ৰ পৰা ১৭ এপ্ৰিল, ২০২৫লৈ কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে। যিহেতু নগা জনগোষ্ঠীৰ সৈতে জড়িত হৈ নগাভূমিত স্থায়ী শান্তিৰ বাবে অহৰহ আলোচনা চলি আছে ।

আনহাতে এন এছ চি এন (আৰ)ৰ বাবে যুদ্ধবিৰতি ২০২৪ চনৰ ২৮ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ২৭ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে । উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে নগা জনসাধাৰণৰ স্বাৰ্থত নাগালেণ্ড স্থায়ী শান্তি আনিবলৈ এই যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি কৰা হৈছে। গৃহমন্ত্ৰ্যায়ৰ বিবৃতিত কোৱা হৈছে যে যুদ্ধবিৰতি দুয়োপক্ষৰ পাৰস্পৰিকভাৱে সহমত আৰু স্বাক্ষৰিত চিচফায়া মানি চলাৰ অধীনত হ’ব আৰু দুয়োপক্ষৰ পাৰস্পৰিক পৰ্যালোচনা আৰু সংশোধনৰ অধীনত হ’ব।