মেঘালয়ত তুৰা লোকসভা সমষ্টিত জয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী।
এই মূৰ্হুতলৈকে কংগ্ৰেছ প্ৰাৰ্থী এছ এ চাংমাই ২০৯৮৩৯টা ভোট লাভ কৰিছে।
তেওঁৰ নিকটতম প্ৰাৰ্থী এন পি পি দলৰ আগাথা কে চাংমাই লাভ কৰিছে ১২১০৩৩টা ভোট।
কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৮৮৮০৬টা ভোটত আগবাঢ়ি আছে।
এতিয়ালৈকে সমষ্টিটোত ৩৮১৮৭৭টা ভোট গণনা সম্পন্ন হৈছে।
কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মুঠ ভোট গণনাৰ ভোটৰ ৫৭.৪৯শতাংশ ভোট লাভ কৰিছে।
আনহাতে এন পি পিৰ প্ৰাৰ্থী গৰাকীয়ে ৩৩.৩৫শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে।
সমষ্টিটোত নটাত এই মূৰ্হুতলৈকে ০.৯৩শতাংশ ভোট পৰিছে।